/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/railway-new-service_0.jpg)
প্ৰতিকী ফটো
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰেল বিভাগে যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত বহু কেইটা পৰিৱৰ্তন সাধন কৰিছে। শেহতীয়াকৈ ৰে'ল বিভাগে আৰু এটা নিয়ম সলনি কৰিছে। অহা ১ মে'ৰ পৰা প্ৰযোজ্য হ'বলগীয়া এই নতুন নিয়ম অনুসৰি কোনো যাত্ৰীয়ে যাত্ৰাৰ ৪ ঘণ্টাৰ পূৰ্বে নিৰ্ধাৰিত ষ্টেচন সলনি কৰিব পাৰিব। এই নিয়ম কেৱল সংৰক্ষিত টিকটৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। বৰ্তমান কোনো যাত্ৰীয়ে যদি ষ্টেচন সলনি কৰিব খোজে তেন্তে ২৪ ঘণ্টাৰ পূৰ্বেই ৰে'লৱে বিভাগক জনাব লাগিব কিন্তু ১ মে ৰ পৰা এই সময় ৪ ঘণ্টালৈ হ্ৰাস কৰা হৈছে।
যাত্ৰীসকলে ষ্টেচন সলনি কৰিবলৈ দুই পন্থা অৱলম্বন কৰিব পাৰে। অনলাইনত আই আৰ চি টি চি ৰ ৱেবচাইটত নহ'লে টিকট কাউন্টাৰৰ জৰিয়তে কৰিব পাৰে এই কাম। ইয়াৰ উপৰিও ৰে'লৱে ইনকুৱাৰী নাম্বাৰ ১৩৯ ৰ জৰিয়তেও কৰিব পাৰিব এই কাম।