/asomiyapratidin/media/media_files/2024/12/17/J92hnrpr1vaBDtwqsbv4.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ বেচৰকাৰী খণ্ডই ২০২৪ চনৰ ডিচেম্বৰ মাহত শক্তিশালী বৃদ্ধিৰ দিশে আগবাঢ়িছে। ডিচেম্বৰত HSBC ফ্লেছ ইণ্ডিয়া কম্পোজিট আউটপুট ইনডেক্স নৱেম্বৰৰ ৫৮.৬ ৰ পৰা বৃদ্ধি হৈ ৬০.৭ ত উপনীত হৈছে।
এয়া যোৱা আগষ্টৰ পাছত সৰ্বোচ্চ বৃদ্ধি বুলি জনাইছে HSBC ৰ ডাটাই যি এছ এণ্ড পি গ্লোবেলৰ দ্বাৰা প্ৰস্তত কৰা হৈছে। ভাৰতৰ বেচৰকাৰী খণ্ডৰ উৎপাদন আৰু সেৱা খণ্ডত গুৰুত্বপূৰ্ণ বৃদ্ধি দেখিবলৈ পোৱা গৈছে।
যি নতুন ব্যৱসায়ৰ প্ৰবাহ আৰ উল্লেখযোগ্য চাকৰি সৃষ্টি সম্ভৱ হৈ পৰিছে। ডিচেম্বৰৰ পৰিসংখ্যাত ভাৰতৰ অৰ্থনৈতিক স্থিতিশীলতা আৰু স্থায়ী পুনৰুদ্ধাৰৰ ইংগিত দিছে।
HSBC ফ্লেছ ইণ্ডিয়া মেনুফেকচাৰিং পি এম আই ডিচেম্বৰত ৫৭.৪ ত উপনীত হৈছে। নৱেম্বৰত এয়া আছিল ৫৬.৫। ইয়েই ব্যক্তিগত খণ্ডত ব্যৱসায়িক পৰিৱেশৰ উন্নতিৰ কথাই সূচায়। উৎপাদন, নতুন অৰ্ডাৰ আৰু নিযুক্তি বৃদ্ধিৰ দ্বাৰা এই বৃদ্ধি সম্ভৱ হৈছে বুলিও জনাইছে।
এই সময়ছোৱাত সেৱা খণ্ডৰ অৱদানো গুৰুত্বপূৰ্ণ। HSBC ফ্লেছ ইণ্ডিয়া সেৱা পি এম আই ব্যৱসায় কাৰ্যকলাপ সূচক ডিচেম্বৰত ৬০.৮ ত উপনীত হৈছে। নৱেম্বৰত এই সূচক আছিল ৫৮.৪।
প্ৰতিবেদন অনুসৰি ডিচেম্বৰ মাহত এই খণ্ডত নিযুক্তিও যথেষ্ট বৃদ্ধি হৈছে। ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে তেওঁলোকৰ কৰ্মশক্তি দ্ৰুতগতিত বৃদ্ধি কৰিছে। এই সময়ছোৱাত কামৰ বোজাও বৃদ্ধি পাইছে। যাৰ ফলত ব্যৱসায়ীসকলে অধিক কৰ্মচাৰী নিয়োগ কৰিছে।
ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্ডাৰৰ বৃদ্ধি পোৱাৰ ফলত জুলাই মাহৰ পৰা ভাৰতীয় সামগ্ৰী আৰু সেৱাৰ চাহিদা অধিক বৃদ্ধি পাইছে। বিশেষকৈ, ৰপ্তানি অৰ্ডাৰৰ পৰিমাণ পাঁচ মাহত সৰ্বাধিক হৈছে। আনহাতে উৎপাদন খণ্ড ৰপ্তানিৰ দিশত আগবাঢ়ি আছে।
HSBC ৰ অৰ্থনীতিবিদ ইনেছ লামে এই সন্দৰ্ভত কয়, "ডিচেম্বৰত উৎপাদন পিএমআইৰ বৃদ্ধিৰ মুখ্য কাৰণ হৈছে বৰ্তমানৰ উৎপাদন, নতুন অৰ্ডাৰ আৰু নিযুক্তি বৃদ্ধি। ঘৰুৱা অৰ্ডাৰৰ বৃদ্ধিক উন্নত বিকাশৰে সূচক হিচাপে দেখা যায়।”