২৯ বিধ আমেৰিকাত নিৰ্মিত সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধি ভাৰতৰ, ১৬ জুনৰ পৰা হ’ব কাৰ্যকৰী

২৯ বিধ আমেৰিকাত নিৰ্মিত সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধি ভাৰতৰ, ১৬ জুনৰ পৰা হ’ব কাৰ্যকৰী

author-image
asomiyapratidin
New Update
২৯ বিধ আমেৰিকাত নিৰ্মিত সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধি ভাৰতৰ, ১৬ জুনৰ পৰা হ’ব কাৰ্যকৰী

ডিজিটেল ডেস্কঃ ভাৰতে আমেৰিকাত নিৰ্মিত ২৯ বিধ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এক চৰকাৰী সূত্ৰই সদৰি কৰা মতে, ভাৰতৰ এই নতুন শুল্ক নীতি অহা ১৬ জুনৰ পৰা কাৰ্যকৰী হ'ব। শুল্ক বৃদ্ধি কৰা সামগ্ৰী সমূহৰ ভিতৰত আমেৰিকাত নিৰ্মিত অলমণ্ড, বালনট আৰু পলছেছৰ দৰে ব্যয়বহুল সামগ্ৰীও অন্তৰ্ভূক্ত হৈছে।

ভাৰতৰ এই নতুন শুল্ক নীতিৰ জৰিয়তে আমেৰিকাৰ এক্সপ'ৰ্টাৰ সমূহৰ ওপৰত প্ৰভাৱ পৰিব যদিও ইয়াৰ দ্বাৰা ভাৰতে ২১৭ মিলিয়ন ডলাৰ অতিৰিক্ত শুল্ক লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰে ২০১৮ চনৰ ২১ জুনতে আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীত অতিৰিক্ত শুল্ক বৃদ্ধিৰ ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত এই সিদ্ধান্ত পিছুৱাই দিয়া হয়।

উল্লেখ্য যে, ২০১৮ বৰ্ষত আমেৰিকাই এলুমনিয়াম আৰু ষ্টীল সামগ্ৰীসমূহৰত অতিৰিক্ত শুল্ক বৃদ্ধি কৰিছিল। যাৰ ফলতে ষ্টীল আৰু এলুমনিয়াম সামগ্ৰীৰ অন্যতম ৰপ্তানীকৃত দেশ ভাৰতৰ ব্যৱসায়ত প্ৰায় ২৪০ মিলিয়ন ডলাৰৰ প্ৰভাৱ পৰিছিল। তাৰ পিছতে ভাৰতেও আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীত অতিৰিক্ত শুল্ক বৃদ্ধিৰ সিদ্ধান্ত লয়।