Advertisment

বিশ্বৰ অন্যতম বৃহৎ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যসূচী ৰূপায়ণ কৰিব ভাৰতে

KPMG ৰ এক প্ৰতিবেদন অনুসৰি আগন্তুক বছৰসমূহত ভাৰতে বিশ্বৰ অন্যতম বৃহৎ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচী ৰূপায়ণৰ বাবে মূলধন সংগ্ৰহৰ দিশটো এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব।

author-image
Asomiya Pratidin
New Update
আগন্তুক বছৰত বিশ্বৰ অন্যতম বৃহৎ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যসূচী ৰূপায়ণ কৰিব ভাৰতে

ডিজিটেল ডেস্কঃ KPMG ৰ এক প্ৰতিবেদন অনুসৰি আগন্তুক বছৰসমূহত ভাৰতে বিশ্বৰ অন্যতম বৃহৎ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচী ৰূপায়ণৰ বাবে মূলধন সংগ্ৰহৰ দিশটো এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব।

Advertisment

'KPMG 2024 Infrastructure and Transport CEO Outlook' শীৰ্ষক এই প্ৰতিবেদনত কোৱা হৈছে যে, বিশ্বৰ ১২০ টা খণ্ডৰ প্ৰখ্যাত নেতা বা চি ই অৰ মাজত এক জৰীপ কৰা হৈছিল। এই জৰীপত চি ই অ সকলে আগন্তুক তিনি বছৰত তেওঁলোকৰ আয় আৰু কৰ্মচাৰীৰ সংখ্যা বৃদ্ধিৰ আশা প্ৰকাশ কৰিছে।

ইয়াৰোপৰি প্ৰতিবেদনত কোৱা হৈছে বিশ্বজুৰি ৫৮৭ শতাংশ চি ই অয়ে বিশ্বাস কৰিছে পৰিবেশ, সামাজিক আৰু শাসন সংক্ৰান্তিয় ষ্টোকহোল্ডাৰৰ প্ৰত্যাশা দ্ৰুততাতে পৰিবৰ্তিত হৈছে।

৫ গৰাকী চি ই অৰ মাজৰ এজনে বিশ্বাস কৰে যে, বিশ্বৰ জলবায়ু পৰিবৰ্তন অভিযোজনৰ ব্যৰ্থতা তেওঁলোকৰ ব্যৱসায়ীক বৃদ্ধিৰ ওপৰত হৰ্ষম্যাদী আৰু দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব।

বিশ্বজুৰি চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্ৰাস পোৱাৰ কাৰণ সন্দৰ্ভত চি ই অসকলৰ ৬২ শতাংশই কয় যে, জনসাধাৰণ সামাজিক সমস্যাসমূহৰ সমাধানৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ দিশে চকু দিছে। ৭১ শতাংশ চি ই অয়ে কয়, তেওঁলোকে ব্যৱসায়ৰ লাভজনক অংশ বিক্ৰী কৰিবলৈয়ো প্ৰস্তুত আছে যদিহে সেইসমূহ অংশই তেওঁলোকৰ সংস্থাৰ সুনাম ক্ষতি কৰে।

KPMG ভাৰতৰ সহ মুৰব্বী চুক্তি পৰামৰ্শদাতা, আন্তঃগাঁথনি, ব্যক্তিগতকৰণ আৰু বিশেষ পৰিস্থিতি গোটৰ মুৰব্বী মনীষ আগৰৱালে এই সন্দৰ্ভত কয় যে, আন্তঃগাঁথনি আৰু পৰিবহণ খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ মাজত জেনেৰেল এ আইৰ দৰে নতুন প্ৰযুক্তি গ্ৰহণ কৰাৰ প্ৰতিযোগিতা এতিয়া এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হৈ পৰিছে। 

KPMG ৰ এই দশম সংখ্যক প্ৰতিবেদন ২৫ ৰ পৰা ২৯ জুলাইৰ ভিতৰত মুঠ ১৩২৫ গৰাকী চি ই অক সামৰি জৰীপ কৰি প্ৰকাশ কৰা হৈছে।

এই জৰীপত অংশগ্ৰহণকাৰী সকলো প্ৰতিষ্ঠানৰ বছৰে ৫০০ মিলিয়ন মাৰ্কিন ডলাৰৰো অধিক ৰাজহ সংগ্ৰহ হয়। এক তৃতীয়াংশৰ আকৌ বছৰে ১০ বিলিয়ন ডলাৰৰো অধিক ৰাজহ সংগ্ৰহ হয়।

জৰীপত ১১ খন প্ৰধান বজাৰ অষ্ট্ৰেলিয়া, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইটালী, জাপান, স্পেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ প্ৰতিষ্ঠিত সংস্থাৰ চি ই অ সামৰি লোৱা হৈছিল।   

আন্তঃগাঁথনি উন্নয়ন