Advertisment

ইলেক্ট্ৰিক বাহন নিৰ্মাণত ভাৰত চীনৰ দৰেই হৈ পৰিব বৃহৎ শক্তি

মাৰ্ক মোবিয়াসে কয়, ভাৰতে ইলেক্ট্ৰিক ভেহিকেলৰ যাত্ৰা দুচকীয়া বাহনৰ জৰিয়তে আৰম্ভ কৰিছিল। কিন্তু আগন্তুক কেইটামান বছৰতে ভাৰত চীনৰ দৰেই এক ডাঙৰ ইলেক্ট্ৰিক ভেহিকেল উৎপাদক হিচাপে পৰিগণিত হ'ব। 

author-image
Asomiya Pratidin
New Update
বৈদ্যুতিক বাহন নিৰ্মাণত ভাৰত হৈ পৰিব বৃহৎ শক্তি

ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ বিনিয়োগকাৰী মাৰ্ক মোবিয়াসৰ মতে আগন্তুক সময়ত ইলেক্ট্ৰিক বাহন নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত চীনৰ দৰেই এক বৃহৎ শক্তিলৈ ৰূপান্তৰিত হ'ব। মাৰ্ক মোবিয়াসে কয়, ভাৰতে ইলেক্ট্ৰিক ভেহিকেলৰ যাত্ৰা দুচকীয়া বাহনৰ জৰিয়তে আৰম্ভ কৰিছিল। কিন্তু আগন্তুক কেইটামান বছৰতে ভাৰত চীনৰ দৰেই এক ডাঙৰ ইলেক্ট্ৰিক ভেহিকেল উৎপাদক হিচাপে পৰিগণিত হ'ব। 

Advertisment

উল্লেখ্য যে, ভাৰতত প্ৰধানমন্ত্ৰী ই-ড্ৰাইভ আঁচনিৰ অধীনত ইলেক্ট্ৰিক ভেহিকেলৰ বিক্ৰী বৃদ্ধি পাইছে। গ্ৰাহকৰ মাজত ইলেক্ট্ৰিক ভেহিকেলৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাত এই আঁচনিয়েও বিশেষ ভূমিকা পালন কৰিছে।

ইলেক্ট্ৰিক মোবিলিটি প্ৰোমোছন স্কিম চমুকৈ EMPS আৰু প্ৰধানমন্ত্ৰী ই-ড্ৰাইভ আঁচনিৰ জৰিয়তে ২০২৪-২৫ বৰ্ষত ইলেক্ট্ৰিক দুচকীয়া বাহন বিক্ৰী হৈছে ৫৭১,৪১১ খন। একে সময়তে ইলেক্ট্ৰিক তিনি চকাৰ বাহন বিক্ৰী হৈছে ১,১৬৪ খন।

ইয়াৰ ভিতৰত আছে ই-ৰিক্সা আৰু ই-ক্যেটো। আনহাতে এল-৫ কেটেগৰীৰ ইলেক্ট্ৰিক তিনি চকাৰ বাহন বিক্ৰী হৈছে ৭১,৫০১ খন।

মাৰ্ক মোবিয়াছে আই এন এছক কয়, ভাৰত খুব সোনকালেই ইলেক্ট্ৰিত ভেহিকেল উৎপাদনত পাকৈত খেলুৱৈ হৈ পৰিছে। ভাৰতে সৰু ইলেক্ট্ৰিক ভেহিকেলৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰিছিল, ভৱিষ্যতে এক ডাঙৰ ইলেক্ট্ৰিক ভেহিকেল উৎপাদন কেন্দ্ৰ হৈ পৰিব।

তেওঁ কয়, ভাৰতৰ আভ্যন্তৰীণ বজাৰ ইমান বিশাল যে দেশখনক ইলেক্ট্ৰিক ভেহিকেল ৰপ্তানি কৰাৰ প্ৰয়োজনেই নহ'ব। তেওঁলোকে সহজেই স্থানীয় বজাৰৰ চাহিদা পূৰণ কৰিবলৈ বৃহৎ পৰিমাণৰ ইলেক্ট্ৰিক ভেহিকেল উৎপাদন কৰিব পাৰিব।

মোবিয়াছে পুনৰ কয়, ভাৰতৰ ইলেক্ট্ৰিক ভেহিকেলৰ যাত্ৰা চীনৰ দৰেই হ'ব। চীন এতিয়া বিশ্বজুৰি ইলেক্ট্ৰিক ভেহিকেল নিৰ্মাণত এক ডাঙৰ খেলুৱৈ।

বিনিয়োগৰাকীৰ মতে ভাৰতে নিজৰ সৃজনশীলতাৰ লগতে সাংস্কৃতিক বৈচিত্ৰতাৰ বাবে আগন্তুক সময়ত ৫ ট্ৰিলিয়ন অৰ্থনীতিলৈ পৰিণত হব।

উল্লেখ্য যে, সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰীসভাত অনুমোদন লাভ কৰা প্ৰধানমন্ত্ৰী ই-ড্ৰাইভ আঁচনি ১ অক্টোবৰত কাৰ্যকৰী হৈছে। এই আঁচনিৰ বাবে নিৰ্ধাৰণ কৰা ধনৰ পৰিমাণ ১০,৯০০ কোটি টকা। এই আঁচনিখন ৩১ মাৰ্চ ২০২৬ চন পৰ্যন্ত কাৰ্যক্ষম হ'ব।

আঁচনিখনৰ মূল লক্ষ্য হৈছে ইলেক্ট্ৰিক ভেহিকেল ব্যৱহাৰ বৃদ্ধিৰ বাবে প্ৰাথমিকভাৱে ইনছেণ্টিভ প্ৰদান আৰু ছাৰ্জিং আন্তঃগাঁথনি উন্নয়ন আদিক উৎসাহিত কৰিব।

চীন বৈদ্যুতিক বাহন