নৱেম্বৰত ভাৰতৰ স্মাৰ্টফোন ৰপ্তানি ৯০ শতাংশ বৃদ্ধি...

ভাৰতে চলিত বছৰৰ নৱেম্বৰত অভিলেখসংখ্যক স্মাৰ্টফোন ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। নৱেম্বৰ মাহত স্মাৰ্টফোন ৰপ্তানিয়ে প্ৰথমবাৰৰ বাবে ২০ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত সৰ্বাধিক হৈছে এপল।

author-image
Asomiya Pratidin
New Update
নৱেম্বৰত ভাৰতৰ স্মাৰ্টফোন ৰপ্তানি ৯০ শতাংশ বৃদ্ধি...

ডিজিটেল ডেস্কঃ ভাৰতে চলিত বছৰৰ নৱেম্বৰত অভিলেখসংখ্যক স্মাৰ্টফোন ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। নৱেম্বৰ মাহত স্মাৰ্টফোন ৰপ্তানিয়ে প্ৰথমবাৰৰ বাবে ২০ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত সৰ্বাধিক হৈছে এপল।

Advertisment

ইণ্ডাষ্ট্ৰীৰ তথ্য অনুসৰি নৱেম্বৰ মাহত স্মাৰ্টফোন ৰপ্তানি হৈছে ২০ হাজাৰ ৩০০ কোটি টকাৰ। যোৱা বছৰৰ নৱেমবৰৰ তুলনাক এয়া ৯০ শতাংশতকৈ অধিক। স্মাৰ্টফোনৰ ৰপ্তানি ক্ষেত্ৰখনৰ এই উত্থানৰ নেতৃত্ব বহন কৰিছে এপলে আৰু তাৰ পাছতেই আছে ছেমচাং।যোৱা বছৰৰ নৱেম্বৰত, ইণ্ডাষ্ট্ৰীৰ তথ্য অনুসৰি, ভাৰতৰ পৰা স্মাৰ্টফোন ৰপ্তানি হৈছিল ১০,৬০০ কোটি টকাৰ।  

চৰকাৰৰ উৎপাদন-সংযোজিত ইনচেণ্টিভ (পি এল আই) আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি, ভাৰতত এপলৰ আইফোন উৎপাদন চলিত বিত্তীয় বৰ্ষৰ সাত মাহত ১০ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছে।

তাৰোপৰি ৭  বিলিয়ন ডলাৰৰ ৰপ্তানিৰ সৈতে ই এক নতুন অভিলেখ গঢ়িছে। যোৱা বিত্তীয় বৰ্ষত ভাৰতত ১৪ বিলিয়ন আমেৰিকান ডলাৰৰ আইফোন নিৰ্মাণ তথা এছেম্বল কৰা প্ৰযুক্তি ৰপ্তানি কৰা হৈছিল।ইয়াৰ সৈতে 10 বিলিয়ন ইউ এছ ডলাৰতকৈ অধিক মূল্যৰ আইফোনো ৰপ্তানি কৰা হৈছিল।

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে, ৭ মাহত স্মাৰ্টফোন পিএলআই আঁচনিৰ বাবে এয়া এক মাইলৰ খুঁটি। আনহাতে প্ৰিমিয়াম, ৫-জি আৰু এ আই স্মাৰ্টফোনৰ শক্তিশালী চাহিদাৰ ফলত এই বছৰ ভাৰতৰ স্মাৰ্টফোন বজাৰ ৭ ৰ পৰা ৮  শতাংশ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। ভাৰতত মোবাইল হেণ্ডছেট বজাৰে স্থিৰ উত্থান বজাই ৰাখিব বুলি আশা কৰা হৈছে।

উদ্যোগ বিশেষজ্ঞসকলৰ মতে ভাৰতে ২০৩০ ৰ ভিতৰত মোবাইল উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বজুৰি শীৰ্ষ তিনিটা স্থানলৈ আহিবলৈ ৫০০ বিলিয়ন আমেৰিকান ডলাৰ স্থানীয় ইলেক্ট্ৰনিক্স উৎপাদনৰ লক্ষ্য প্ৰাপ্ত কৰি লাগিব আৰু ৰপ্তানি বৃদ্ধিক প্ৰাথমিকতা দিব লাগিব।

ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিক্স এছ'চিয়েশ্যনৰ (আই চি ই এ) তথ্য অনুসৰি, মোবাইল ফোনৰ উৎপাদন ২০১৪-১৫ বৰ্ষত ১৮,৯০০ কোটি টকাৰ পৰা ২০২৪ বিত্তীয় বৰ্ষত আনুমানিক ৪.১০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। যি পি এল আই আঁচনিৰ দ্বাৰা চালিত বৃহৎ ২,০০০ শতাংশ বৃদ্ধি পাইছে।.

এপল স্মাৰ্টফোন