/asomiyapratidin/media/media_files/2025/03/20/24rdXHo8D3GvfbwDS3vt.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত বৈদ্যুতিক বাহন (ইভি)ৰ চাহিদা বৃদ্ধি পাইছে। কেন্দ্ৰীয় গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৪ চনত ভাৰতত ১৯.৫০ লাখ বৈদ্যুতিক বাহন (ইভি) বিক্ৰী হৈছে, যিটো মুঠ বাহন বিক্ৰীৰ ৭.৪৪ শতাংশ। ইভি বিক্ৰীৰ এই উৰ্ধমুখী ধাৰা অনাগত বছৰবোৰতো অব্যাহত থাকিব বুলি চৰকাৰে আশা কৰিছে।
লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গধুৰ উদ্যোগ মন্ত্ৰী ভূপতিৰাজু শ্ৰীনিবাস বৰ্মাই জনাইছে যে, ২০২৪ বৰ্ষত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ই-ভান পৰ্টেলত পঞ্জীয়ন হোৱা ২,৬২,০৭,৪৫৩খন বাহনৰ ভিতৰত ১৯,৫০,৪৯০খন বৈদ্যুতিক বাহন।
২০১৪-১৫ চনৰ পৰা ইভি পঞ্জীয়ন যথেষ্ট বৃদ্ধি পাইছে। ই-ভাহান পৰ্টেল অনুসৰি ২০১৪-১৫ বিত্তীয় বৰ্ষত এই শতাংশ অংশীদাৰিত্ব ০.০১ শতাংশৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত ৭.৩১ শতাংশলৈ বৃদ্ধি পাইছে। ইভিৰ প্ৰৱেশৰ ধাৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us