সুখবৰ, ২০১৯ত ভাৰতত তীব্ৰ গতিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা !

সুখবৰ, ২০১৯ত ভাৰতত তীব্ৰ গতিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা !

author-image
asomiyapratidin
New Update
সুখবৰ, ২০১৯ত ভাৰতত তীব্ৰ গতিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা !

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ কৰ্মচাৰী সকলৰ বাবে এক সুখবৰ। ২০১৯ ত তীব্ৰ গতিত বৃদ্ধি পাব দৰমহা। এই কথা আমি কোৱা নাই, বিশ্বৰ আগশাৰীৰ অৰ্থনৈতিক বিষয়ক বিশ্লেষণ কৰা সংস্থা গ্লবেল কানচাল্টিং ফৰ্ম কৌৰ্ন ফেৰীয়ে প্ৰকাশ কৰিছে এই তথ্য। সংস্থাটোৱে দাবী কৰিছে যে সমগ্ৰ এছিয়াৰ ভিতৰত আৰ্থিক বিকাশৰ ওপৰত লক্ষ্য ৰাখি ২০১৯ বৰ্ষত তীব্ৰগতিত দৰমহা বৃদ্ধি পাব ভাৰতবৰ্ষত।

সংস্থাটোৰ তথ্যত প্ৰকাশ পাইছে যে, ২০১৯ বৰ্ষত সকলো কৰ্মচাৰীৰ দৰমহা ১০ শতাংশ বৃদ্ধি পাব। ২০১৮ বৰ্ষত ভাৰতত কৰ্মচাৰী সকলৰ পূৰ্বৰ বছৰৰ তুলনাত দৰমহা বৃদ্ধি পাইছিল প্ৰায় ৯ শতাংশ। কৌৰ্ন ফেৰী নামৰ এই সংস্থাটোৱে এই তথ্য ১১০ খন দেশৰ ২৫ হাজাৰ প্ৰতিষ্ঠানৰ ২ কোটি কৰ্মচাৰীৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিছে এই তথ্য ।

ভাৰতক বাদ দি সমগ্ৰ এছিয়া মহাদেশত ২০১৯ বৰ্ষত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব ৫.৬ শতাংশ। ২০১৮ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ৫.৪ শতাংশ। ভাৰতক বাদ দি এছিয়াৰ অন্য দেশ চীনত ২০১৯ত দৰমহা বৃদ্ধি পাব ৩.২ শতাংশ, জাপানত ০.১ শতাংশ, ভিয়েটনামত ৪.৫ শতাংশ আৰু চিংগাপুৰত বৃদ্ধি পাব ৩ শতাংশ দৰমহা। উল্লেখ্য যে, এখন দেশৰ কৰ্মচাৰীসকলৰ লগতে অৰ্থনৈতিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি সংস্থাটোৱে এই তথ্য তৈয়াৰ কৰে।