ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম বৃহৎ পেছাদাৰী সেৱা প্ৰতিষ্ঠান ডোহলয়টৰ গ্লোবেল চি ই অ’ জু উকু জোগলোৱে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সম্পৰ্কক বিশেষ আখ্যা দি এই সম্পৰ্ক ভৱিষ্যতেও শক্তিশালী আৰু বিস্তৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে।
এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আলোচনাত তেওঁ কয়, ভাৰত-আমেৰিকাৰ সম্পৰ্ক দুয়ো দেশৰ আভ্যন্তৰীন ৰাজনৈতিক সমস্যা, প্ৰশাসন বা ৰাজনৈতিক দলৰ পৰিবৰ্তনৰ পাছতো অব্যাহত থাকিব।
ভাৰতৰ অৰ্থনৈতিক গতিৰ ভৱিষ্যত
আলোচনাত জু উকু জোগলোৱে কয়, ভাৰতৰ যোৱা দশকৰ অগ্ৰগতি অত্যন্ত প্ৰশংসনীয়। যোৱা ৩ বছৰত ভাৰতৰ অৰ্থনীতি বৃদ্ধি যথেষ্ট শক্তিশালী।
ভাৰত এতিয়া বিশ্ব অৰ্থনীতি আৰু বিদেশী বিনিয়োগৰ বাবে আকৰ্ষণীয় লক্ষ্যস্থান হিচাপে পৰিচিত হৈছে। এয়া ভাৰতৰ বাবে অত্যন্ত ইতিবাচক প্ৰবণতা বুলিও তেওঁ কয়।
মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ নতুন চৰকাৰ আৰু ভাৰত
উকু জোগলোৱে কয়, আমেৰিকা-ভাৰত সম্পৰ্ক বিশেষ। এই সম্পৰ্ক প্ৰশাসন আৰু ৰাজনৈতিক দলৰ উৰ্ধত তথা শক্তিশালী।
তেওঁৰ মতে ভাৰত আৰু আমেৰিকাৰ এই সম্পৰ্ক ভৱিষ্যতেও অটুট থাকিব আৰু অধিক গাঢ় হব। বৰ্তমানৰ বিশ্বৰ ভূ-ৰাজনৈতিক জটিল পৰিস্থিতি এই সম্পৰ্ক আৰু অধিক মজবুট হৈ পৰিছে।
ভাৰত আৰু ডোহলয়টৰ ভৱিষ্যত সম্পৰ্ক
চি ই অ’ গৰাকীয়ে জনোৱা মতে ডোহলয়টে ভাৰতীয় বজাৰত বৃহৎ সম্প্ৰসাৰণৰ লক্ষ্য ৰাখিছে। তেওঁৰ মতে ভাৰতৰ অৰ্থনীতি পৰিপক্ক হোৱাৰ লগে লগে, পেছাদাৰী সেৱাৰ চাহিদা বৃদ্ধি পাব।
যাৰ ফলত ডেলয়েটৰ বাবে সুযোগ সৃষ্টি হ'ব। তেওঁ ভাৰতৰ উন্নত প্ৰতিভাৰ কথা উল্লেখ কৰি কয় ভাৰতত বিশ্বমানৰ দক্ষতা উপলব্ধ।
ডোহলয়টৰ পৰিকল্পনা আৰু চেলেঞ্জ
উকু জোগলোৱে কয় তেওঁৰ প্ৰতিষ্ঠান ডোহলয়টে প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগ কৰিছে। বিশেষ কৈ জেনাৰেটিভ এ আই আৰু কোম্পানীৰ সকলো পৰিসেৱা আৰু প্লেটফৰ্ম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লৈছে।
সেইদৰে ভাৰতত প্ৰতিষ্ঠানটোৰ কাম-কাজৰ মান আৰু কৰ্মীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছে।
ডোহলয়টৰ বাবে ভৱিষ্যতৰ সুযোগ
উকু জোগলোৱে আলোচনাত কয়, ভাৰতত এতিয়াও অনা আবিষ্কৃত বহু সুযোগ আছে। ডোহলয়টৰ লক্ষ্য হৈছে স্থানীয় বজাৰত বৃহৎ পৰিসৰত সম্প্ৰসাৰণ কৰা।
কৰ্মীসকলৰ বাবে ভাৰতত অনেক সৃজনশীল কৰ্ম সংস্থাপনৰো সুযোগ তৈয়াৰ কৰাতেই তেওঁলোকে মনোনিবেশ কৰিব বুলিও জনাইছে।
ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ
ডোহলয়টে ভৱিষ্যতে প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিছে। এ আই প্ৰযুক্তিক ব্যৱসায়ত সম্পূৰ্ণৰূপে কাৰ্যকৰীভাৱে অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে।
তেওঁলোকে আশা কৰে যে, যদিও এ আই-এ কাম কৰাৰ ধৰণ সলনি কৰিব পাৰে তথাপিও ই নতুন চাকৰিৰ সৃষ্টি কৰিব।
ভাৰত আৰু গোলকীয় বিকাশ
উকু জোগলোৱে নিশ্চিত কৰে যে ডোহলয়টে ভাৰত আৰু সমগ্ৰ বিশ্বত অবিৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। কিয়নো কোম্পানীটোৱে ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াৰ সেৱা আৰু দক্ষতা সম্প্ৰসাৰিত কৰি আছে।