Advertisment

ভাৰতৰ শ্বেয়াৰ বজাৰৰ প্ৰদৰ্শন চীনতকৈ বহু বেছি ভাল

Deutsche Bank ৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ শ্বেয়াৰ বজাৰে ২০০০ চনৰ পৰা চীনৰ শ্বেয়াৰ বজাৰতকৈ বহু ভাল প্ৰদৰ্শন কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে চীনৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি হৈছে যদিও তেওঁলোকৰ শ্বেয়াৰ বজাৰত মুনাফা প্ৰতি বছৰে ৪.০ শতাংশহে মাত্ৰ।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ শ্বেয়াৰ বজাৰ

ডিজিটেল ডেস্কঃ সম্প্ৰতি Deutsche Bank ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতৰ শ্বেয়াৰ বজাৰে ২০০০ চনৰ পৰা চীনৰ শ্বেয়াৰ বজাৰতকৈ বহু ভাল প্ৰদৰ্শন কৰি আহিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে, যদিও চীনৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি হৈছে তথাপিও তেওঁলোকৰ শ্বেয়াৰ বজাৰৰ প্ৰদৰ্শন তুলনামূলকভাৱে গড় আৰু বাস্তৱ মুনাফা প্ৰতি বছৰে ৪.০ শতাংশহে মাত্ৰ।

Advertisment

ইয়াৰ বিপৰীতে ভাৰতৰ শ্বেয়াৰ বজাৰত বাৰ্ষিক বৃদ্ধি ৬.৯ শতাংশ। এনে বাৰ্ষিক বাস্তৱ মুনাফাৰে ভাৰতীয় শ্বেয়াৰ বজাৰে উন্নত আৰু উদীয়মান বজাৰসমূহৰ মাজত শীৰ্ষ স্থান অধিকাৰ কৰিছে। 

প্ৰতিবেদনখনত কোৱা হৈছে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ২০২৪ ৰ ভিতৰত তেওঁলোৰ CAPE অনুপাতৰ ক্ষেত্ৰত অভিলেখ সংখ্যক উচ্চতাত উপনীত হৈছে। CAPE অনুপাত হৈছে এক মেট্ৰিক যি বজাৰ এখনৰ ১০ বছৰৰ উপাৰ্জন বিবেচনা কৰি সময়ে সময়ে তাৰতম্য হ্ৰাস কৰে।

ইয়াৰোপৰি প্ৰতিবেদনখনত কোৱা হৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তিৰ আধিপত্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অগ্ৰগতিৰ কাৰণে ইয়াৰ শ্বেয়াৰ বজাৰৰ এই উচ্চ মূল্যমানত উপনীত হোৱাত সম্ভৱ হৈছে। ভাৰতেও ভৱিষ্যতৰ উন্নয়ন সম্ভাৱনা আৰু বৈশ্বিক বজাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে।

ইয়াৰ বাবেই বিনিয়োগকাৰীসকলে উচ্চ মূল্য দিয়াৰ বাবেও আগ্ৰহী কৰি তোলে বুলিও কৈছে। প্ৰতিবেদনখনে লগতে এই সতৰ্কও জাৰি কৰিছে যে, ভাৰত আৰু আমেৰিকাৰ শ্বেয়াৰ বজাৰ এতিয়া বিশ্বৰ আন আন শ্বেয়াৰ বজাৰৰ তুলনাত বহু বেছি মূল্যবান। এই বজাৰদুখনৰ ভৱিষ্যত বিকাশৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিব বিনিয়োগকাৰীসকলৰ আস্থা আৰু ভৱিষ্যত সম্ভাৱনাৰ ওপৰতেই।

 

চীন আমেৰিকা যুক্তৰাষ্ট্ৰ শ্বেয়াৰ বজাৰ