/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/WHATSAPP_710x400xt.jpg)
ডিজিটেল ডেস্কঃ 'ভুৱা আৰু অশ্লীল বা-বাতৰি নিয়ন্ত্ৰণৰ উপায় অৱলম্বন কৰক, নহ'লে জৰিমনা ভৰিবলৈ সাজু থাকক।' হোৱাটছএপক এই সকীয়নি প্ৰদান কৰে ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে।
হোৱাটছএপৰ মুখ্য কাৰ্যবাহী ক্ৰিছ ডেনিয়েলক সাক্ষাৎ কৰি মন্ত্ৰীগৰাকীয়ে কয়, 'ভাৰতত হোৱাটছএপে ভাৰতীয় আইন মানি চলিবই লাগিব। ভুৱা বাতৰি আৰু অশ্লীল সংবাদকে ধৰি সমাজখনক অশান্ত কৰিব পৰা যিকোনো বিষয়ত গুৰুত্ব দিয়ক হোৱাটছএপে।'
ভাৰতত এই দিশবোৰ চোৱাচিতা কৰিবৰ বাবে এটা কাৰ্যালয়ৰ লগতে অভিযোগসমূহ চোৱাচিতা কৰিবৰ বাবে এগৰাকী বিষয়া নিযুক্তি দিবলৈও অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।
হোৱাটছ এপৰ শীৰ্ষ বিষয়াগৰাকীক মন্ত্ৰীগৰাকীয়ে ভুৱা আৰু অশ্লীল মেছেজ ক'ৰ পৰা কেনেকৈ আহে সেয়া জানিব পৰাকৈ এটা ছিষ্টেমৰ উদ্ভাৱন কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ ধমকৰ সুৰত কয়, 'ভাৰতৰ তথ্য ভাৰততে ৰখাৰ ব্যৱস্থা কৰক, আমি আমাৰ তথ্য আমেৰিকাৰ পৰা পোৱাতো নিবিছাৰো।'
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে হোৱাটছএপৰ মূৰব্বীগৰাকীয়ে ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সচিবৰ লগতে শীৰ্ষ বিষয়াসকলৰ সৈতেও এই সন্দৰ্ভত বৈঠকত ভাগ লৈছিল।