কৰ্মচাৰীৰ ভৱিষ্যনিধি সন্দৰ্ভত নতুন নিয়ম…

কৰ্মচাৰীৰ ভৱিষ্যনিধি সন্দৰ্ভত নতুন নিয়ম…

author-image
asomiyapratidin
New Update
কৰ্মচাৰীৰ ভৱিষ্যনিধি সন্দৰ্ভত নতুন নিয়ম…

ডিজিটেল ডেস্কঃ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১ চনৰ ফেব্ৰুৱাৰীত সংসদত উপস্থাপন কৰা বাজেটত ঘোষণা কৰিছিল যে ২০২১ চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন বিত্তীয় বৰ্ষত কৰ্মচাৰীসকলৰ ভৱিষ্যনিধি (পি.এফ)লৈ প্ৰতি বছৰে ২.৫ লাখ টকাতকৈ অধিক ৰখা হ'ব ।

Advertisment

মঙলবাৰে 'বিত্ত বিধেয়ক ২০২১' সন্দৰ্ভত লোকসভাত এক আলোচনাৰ উত্তৰত সীতাৰমনে  ভৱিষ্যনিধি(পি.এফ)ত জমাৰ ওপৰত কৰমুক্ত সূতৰ বাৰ্ষিক সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। বিত্ত মন্ত্ৰী গৰাকীয়ে কয়, "মোৰ উদ্দেশ্য হৈছে কেৱল ভৱিষ্যনিধি (পি.এফ)ৰ অৱদানত এই সীমা বৃদ্ধি কৰা য'ত নিয়োগকৰ্তাই পুঁজিত অৰিহণা নিদিয়ে।"

সীতাৰমণে বিধেয়কখন উত্থাপন কৰাৰ পিছত ভইচ ভোটৰ দ্বাৰা গৃহীত হয় । লগতে ২০২১-২২ চনৰ বাবে কৰা কৰ ব্যৱস্থাবোৰ অনুমোদিত হয়। জানিব পৰা মতে, ইয়াত প্ৰস্তাৱিত আইনসমূহত ১২৭ টা সংশোধন গ্ৰহণ কৰাৰ পিছত বিধেয়কখন গৃহীত হয়।