Advertisment

তৈল অন্বেষণৰ বাবে আন্দামানত ২৫শ কোটি টকা বিনিয়োগ কৰিব অইলে...

author-image
Asomiya Pratidin
New Update
তৈল অন্বেষণৰ বাবে আন্দামানত ২৫শ কোটি টকা বিনিয়োগ কৰিব অইলে...

তৈল অন্বেষণৰ বাবে আন্দামানত ২৫শ কোটি টকা বিনিয়োগ কৰিব অইলে...

ডিজিটেল সংবাদ, গোৱাঃ অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইলে এক গুৰুত্বপূৰ্ণ বিনিয়োগৰে এক অভিলাষী প্ৰকল্পৰ কাম হাতত লৈছে। আন্দামান নিকোবৰ দ্বীপপুঞ্জত তেল অন্বেষণৰ বাবে তৈল প্ৰতিষ্ঠানটোৱে বিনিয়োগ কৰিব অতি কমেও ২৫০০কোটি টকা। গোৱাৰ অনুষ্ঠিত হৈ থকা ভাৰত শক্তি সপ্তাহ-২০২৪ত এক আছুতীয়া সাক্ষাতকাৰত অসমীয়া প্ৰতিদিনক এই কথা সদৰি কৰিলে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক ৰঞ্জিত ৰাথেই ।

Advertisment

এই প্ৰকল্পৰ কাম ২০২৪ৰ ছেপ্তেম্বৰৰ ভিতৰত আৰম্ভ হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। অইল শীৰ্ষ বিষয়াগৰাকীয়ে এই তৈল অন্বেষণৰ সন্দৰ্ভত কৌশলগত প্ৰদক্ষেপ সমূহৰ বিষয়েও ব্যাখা কৰি কয় যে, প্ৰতিযোগিতামূলক এই মুৰ্হূতত বৰ্তি থাকিবলৈ যথেষ্ট এনেকুৱা তৈল অন্বেষণৰ প্ৰয়োজন আছে। আন্দামান অৱবাহিকাত এই তৈল অন্বেষণৰ সম্পৰীক্ষা আৰু প্ৰচেষ্টা সফল বা বিফল হব পাৰে বুলি উল্লেখ কৰি তেওঁ লগতে জনায় চুবুৰীয়া ম্যানমাৰ আৰু ইণ্ডোনেচিয়াত এনে অন্বেষণৰ সফলতাই অইলকো আশাবাদী কৰি ৰাখিছে। প্ৰথম অন্বেষণৰ পৰ্যায়ত দুটা ৰিগ অগভীৰ পানীৰ খণ্ডত আৰু দ্বিতীয়টো মুকলি এক খণ্ডত তৈল অন্বেষণ কৰিব অইলে।

ঘৰুৱা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ ই এক প্ৰত্যাহ্বান হব অইলৰ বাবে। এই বিস্তৃত অৱবাহিকা অঞ্চলটোত গভীৰ পানী এলেকা হাইড্ৰ কাৰ্বনৰ ভাণ্ডাৰৰ উপস্থিতি আছে। তেওঁ লগতে, এই ভাৰত শক্তি সপ্তাহৰ আয়োজনৰ জৰিয়তে দেশৰ শক্তিখণ্ডৰ বিকাশত যথেষ্ট সহায়ক হোৱা বুলিও উল্লেখ কৰে। ইয়াৰ ফল অইলেও লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, প্ৰথম শক্তি সপ্তাহে যি সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছিল, সেই সম্ভাৱনাৰ দুৱাৰ আৰু অধিক তুৰাম্বিত কৰিলে দ্বিতীয় শক্তি সপ্তাহ-২০২৪এ।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতত ২০৭০চনৰ ভিতৰত কাৰ্বন নিৰ্গমণৰ হাৰ শূণ্য কৰাৰ লক্ষ্যৰে শক্তি সপ্তাহ-২০২৪ৰ প্ৰথমটো দিনতে অইলে ফান্সৰ এক প্ৰতিষ্ঠানৰ সৈতে চুক্তি সম্পাদন কৰিছিল। ইয়াৰ পিছতে শক্তি সপ্তাহৰ দ্বিতীয়টো দিনত অইলে এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এই শক্তি সপ্তাহত সিদ্ধান্ত লোৱা হৈছে যে, অহা ৫-৬বছৰত দেশৰ শক্তিখণ্ডত কমেও ৬৭বিলিয়ন ডলাৰ বিনিয়োগ কৰা হব।

বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ১৭ গৰাকী শক্তি মন্ত্ৰী, ৩৫,০০০ ৰৰো অধিক অংশগ্ৰহণকাৰী আৰু ৯০০ ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিছে গোৱাত অনুষ্ঠিত হোৱা এই শক্তি সপ্তাহত। ইয়াৰোপৰি এই কাৰ্যক্ৰমত কানাডা, জাৰ্মানী, নেডাৰলেণ্ড, ৰাছিয়া, ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৬টা ‘পেভিলিয়ন’ উপস্থিত আছে। এই শক্তি সপ্তাহত লিবিয়া, নাইজেৰিয়া আৰু চুদানৰ পেট্ৰ'লিয়াম মন্ত্ৰী আৰু ঘানা, জিবুতি, শ্ৰীলংকাৰ শক্তি মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত অসমৰো বহু কেইজন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে।

indian govt goa govt