২০১৮ত দেশৰ সামৰিক ক্ষেত্ৰলৈ কি পৰিৱৰ্তন আহিল?

২০১৮ত দেশৰ সামৰিক ক্ষেত্ৰলৈ কি পৰিৱৰ্তন আহিল?

author-image
asomiyapratidin
New Update
২০১৮ত দেশৰ সামৰিক ক্ষেত্ৰলৈ কি পৰিৱৰ্তন আহিল?

২০১৮ত ভাৰতত কি কি ঘটনাই সমৃদ্ধি কৰিলে? বিশেষকৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে ২০১৮বৰ্ষটোত কি পালে? বিশ্বৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা দেশৰ তালিকাত প্ৰথম স্থানত আছে ভাৰত। ভাৰতক বিশাল পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ প্ৰয়োজন হোৱাৰ প্ৰধান কাৰণ হ'ল- দুই চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে তিক্ততা পূৰ্ণ সম্পৰ্ক। এফালে পাকিস্তান আৰু আনফালে চীন। দুই দেশৰ সৈতে ভাৰতৰ সংঘাত আজিও আছে। লগতে কাশ্মীৰৰ সন্ত্ৰাসবাদী সমস্যাও ভাৰতৰ বাবে আন এক মূৰৰ কামোৰণি। ২০১৮ বৰ্ষত প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনলৈ কি কি পৰিৱৰ্তন আহিল? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

১. ভাৰত ৰাছিয়ৰ মাজত এছ-৪০০ মিজাইল ক্ৰয়ৰ স্বাক্ষৰঃ

অক্টোবৰৰ প্ৰথম সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভালদিমি পুটিনৰ সৈতে এই চুক্তি স্বাক্ষৰিত হয়। তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত দুই দেশৰ মাজত এছ-৪০০ মিজাইল ক্ৰয়ৰ বাবে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। আমেৰিকাৰ সাৱধানবাণী স্বত্ত্বেও প্ৰধানমন্ত্ৰী মোডী আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি ভাৰতে এই মিজাইল লাভ কৰিব ৰাছিয়াৰ পৰা। অত্যাধুনিক এই মিজাইল ক্ৰয় কৰা ভাৰত হ'ব তৃতীয়খন ৰাষ্ট্ৰ।

২. নৌ সেনাৰ কাৰণে বিশেষ মিজাইলযুক্ত জাহাজ নিৰ্মাণৰ স্বাক্ষৰঃ

২০১৮ৰ নবেম্বৰত ভাৰতে ৰাছিয়াৰ সৈতেই এই চুক্তি স্বাক্ষৰ কৰে। ৫০ লাখ ডলাৰৰ এই চুক্তি অনুসৰি ভাৰতীয় নৌ সেনাই লাভ কৰিব অত্যাধুনিক মিজাইলকে ধৰি আন অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত যুদ্ধ জাহাজ।

৩. ইজৰাইলৰ সৈতে ৭৭৭ মিলিয়ন ডলাৰৰ বৰাক মিজাইল চুক্তিঃ

২০১৮ৰ অক্টোবৰৰ মাহতেই ভাৰতে ইজৰাইলৰ সৈতে আন এক চুক্তি কৰে। এই চুক্তি অনুসৰি বৰাক-৮ মিজাইলৰ ডিফেন্স ছিচটেইম ক্ৰয় কৰে ভাৰতে। ইজৰাইলৰ সৈতে কৰা এই চুক্তিৰ ধনৰ পৰিমান আছিল ৭৭৭ মিলিয়ন ডলাৰ। এই ধন ভাৰতীয় টকা হিচাপত প্ৰায় ৫৭০০ কোটি টকা।