চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
অর্থনীতি মুখ্য-পৃষ্ঠা

ভাৰতৰ পেট্ৰ'লিয়াম ৰত্ন, কৃষি ৰাসায়নিক পদাৰ্থ, চেনী আদিয়ে দখল কৰিছে বিশ্ববজাৰ

বিশ্বব্যাপী পেট্ৰ'লিয়াম চেনী আদি ৰপ্তানিত ভাৰত দ্বিতীয়স্থান দখল

author-image
Asomiya Pratidin
04 Nov 2024 10:46 IST

Follow Us

New Update
ভাৰতৰ পেট্ৰ'লিয়াম ৰত্ন, কৃষি ৰাসায়নিক পদাৰ্থ, চেনী আদিয়ে দখল কৰিছে বিশ্ববজাৰ

ডিজিটেল ডেস্কঃ যোৱা ৫ বছৰত দেশৰ পেট্ৰলিয়াম, ৰত্ন, কৃষি ৰাসায়নিক পদাৰ্থ আৰু চেনীৰ ৰপ্তানিত ভাৰতৰ লাভ সন্তোষজনক। কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২৩ চনলৈ ভাৰতৰ উপৰোক্ত খণ্ডসমূহৰ উপৰিও বৈদ্যুতিক সামগ্ৰী, বায়ুগত টায়াৰ, টেপ, ভাল্ভ আৰু অৰ্ধ পৰিবাহী সঁজুলীৰ ৰপ্তানি বৃদ্ধি পাইছে।

Advertisment

মন্ত্ৰণালয়ৰ প্ৰকাশ কৰা তথ্যত স্পষ্ট হৈছে ২০২৩ ত দেশৰ পেট্ৰলিয়াম ৰপ্তানি ৮৪.৯৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। বিশ্ববজাৰত ভাৰতে দখল কৰা বজাৰৰ অংশ যোৱা ৫ বছৰত ৬.৪৫ শতাংশৰ পৰা ১২.৫৯ শতাংশলৈ বৃদ্ধি হৈছে। এনে পৰিপ্ৰেক্ষিততে ভাৰত ২০২৩ত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত দ্বিতীয় সৰ্ববৃহৎ বিশ্বব্যাপী ৰপ্তানিকৰ্তা হিচাপে চিহ্নীত হৈছে। ২০১৮ চনত ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত স্থান আছিল পঞ্চম।

ইফালে মূল্যৱান আৰু অৰ্ধমূল্যৱান শিল খণ্ডত ভাৰতে ৰপ্তানিৰ হাৰ ২০১৮ ৰ ১৬.২৭ শতাংশৰ পৰা ২০২৩ ত ৩৬.৫৩ শতাংশলৈ বৃদ্ধি কৰিছে। ২০১৮ চনৰ ০২.৬ বিলিয়ন ডলাৰৰ পৰা এই খণ্ডত ভাৰতে যোৱা ৫ টা বছৰত অৰ্থাৎ ২০২৩ ত ১.৫২ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছে।  

একেদৰে, বেত বা বীট ছুগাৰৰ ক্ষেত্ৰতো ভাৰতৰ ৰপ্তানি যোৱা ৫ টা বছৰত যথেষ্ট বৃদ্ধি পাইছে। ২০১৮ ত ভাৰতে ০.৯৩ বিলিয়ন ডলাৰ এই খণ্ডত ব্যৱসায় কৰাৰ বিপৰীতে ২০২৩ ত ইয়াৰ পৰিমাণ চাৰিগুণলৈ বৃদ্ধি হৈছে। ২০২৩ ত ভাৰতে বেত আৰু বীট ছুগাৰৰ ব্যৱসায় কৰিছে ৩.৭২ বিলিয়ন ডলাৰ। বিশ্বব্যাপী ভাৰতে ১২.২১ শতাংশ বজাৰ দখল কৰিছে। ২০১৮ ত ভাৰতৰ এই শ্ৰেণীত বজাৰ দখল আছিল ৪.১৭ শতাংশ।

সেইদৰে এতিয়া বিশ্বৰ দ্বিতীয় বৃহৎ চেনী ৰপ্তানীকৰ্তা হৈছে ভাৰত। বাণিজ্য মন্ত্ৰণালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই ভাৰতে ৰপ্তানীৰ ক্ষেত্ৰত লাভ কৰা এনে সফলতাৰ সন্দৰ্ভত কয়, ভাৰতৰ এনে সফলতাৰ বাবে অনুকূল কৃষি নীতি আৰু ইয়াৰ শক্তিশালী উৎপাদন আধাৰ দুয়োটাই অঙ্গাঙ্গিক। ভাৰতে দক্ষিণ পূব এছিয়া আৰু আফ্ৰিকাৰ দৰে অঞ্চললৈ প্ৰচুৰ পৰিমাণে চেনী যোগান ধৰি আহিছে।

বিশ্ববজাৰত ভাৰতে কীটনাশক আৰু ভেঁকুৰনাশকৰ ক্ষেত্ৰখনতো স্বাস্থ্যকৰ উন্নতি দেখুৱাবলৈ সক্ষম হৈছে। এই খণ্ডত ভাৰতৰ ২০১৮ ত বজাৰ দখল আছিল ৮.৫২ শতাংশ। ২০২৩ ত এয়া বৃদ্ধি হৈ হৈছেগৈ ১০.৮৫ শতাংশলৈ।

এই সন্দৰ্ভত বাণিজ্য মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয়, আন্তৰ্জাতিক কৃষি আৰু পাৰিপাৰ্শ্বিক মানদণ্ড পূৰণ কৰাত ভাৰতৰ সামৰ্থ্য আৰু কৃষি ৰাসায়নিক পদাৰ্থৰ উদ্ভাৱনৰ ওপৰত দিয়া গুৰুত্বৰ বাবে এই উন্নতি হৈছে। কীটনাশক আৰু ভেঁকুৰনাশকৰ বিশ্ববজাৰত ভাৰত ২০১৮ চনত ভাৰতৰ পঞ্চম স্থানৰ বিপৰীতে ২০২৩ ত সৰ্ববৃহৎ ৰপ্তানিকৰ্তা হিচাপে স্বীকৃতি অৰ্জন কৰিছে।

ৰবৰ বায়ুযুক্ত টায়াৰৰ বিশ্ব বজাৰতো ভাৰতে ২০১৮ ৰ ১.৮২ বিলিয়ন ডলাৰৰ পৰা ২০২৩ ত ২.৬৬ বিলিয়ন ডলাৰলৈ ব্যৱসায় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

Also Read: কলিয়াবৰৰ সু সন্তান, বিজ্ঞানী ডঃ গকুল গোস্বামীৰ বিয়োগ...

ৰপ্তানি কৃষি অৰ্থনীতি পেট্ৰলিয়াম
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!