/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/saturday-petrol-diesel-price-hike-news.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুনৰ বৃদ্ধি পাইছে প্ৰেট্ৰল আৰু ডিজেল মূল্য। দিল্লীত প্ৰতিলিটাৰ প্ৰেট্ৰলত ৩০ পইচা বৃদ্ধি হৈ ৮৬.৬৫ ৰ পৰা বৃদ্ধি পাই ৮৬.৯৫ টকা হৈছেগৈ।দেশৰ সৰ্ববৃহৎ ইন্ধন বিক্ৰেতা ভাৰতীয় তেল নিগমৰ মতে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৬.৮৩ টকাৰ পৰা ৭৭.১৩ টকালৈ বৃদ্ধি পাইছে।
শুকুৰবাৰৰ দাম বৃদ্ধিলৈ লক্ষ্য কৰিলে মুম্বাইত প্ৰেট্ৰলৰ দাম ৯৩.৪৯ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯৩.৪৯ টকা হৈছেগৈ। আৰু ই দেশৰ ভিতৰতে সৰ্বাধিক।আনহাতে অসমত প্ৰেট্ৰলৰ মূল্য ৩০ পইচা বৃদ্ধি হোৱাৰ পিছত বৰ্তমান এই মূল্য ৮৯.৫০ টকাৰ হোৱাৰ বিপৰীতে ডিজেল প্ৰতিলিটাৰত ২৬ পইচা বৃদ্ধি পাই ইয়াৰ মূল্য ৮৩.২২ টকা হৈছে।
বিগত সময়ছোৱাত প্ৰায় প্ৰত্যেক দিনে বৃদ্ধি পাইছে সময়ত অতি প্ৰয়োজনীয় হৈ পৰা প্ৰেট্ৰল আৰু ডিজেলৰ মূল্য। সচেতন মহলে মন্তব্য কৰিছে যে নিৰ্বাচন সময়লৈ এই মূল্য ক্ৰমাৎ বৃদ্ধি পাই প্ৰায় ১০০ টকা চুবগৈ আৰু নিৰ্বাচনী প্ৰচাৰৰ সময়ত জন সাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কম পৰিমানে হ্ৰাস পাব দুয়োবিধ ইন্ধনৰ মূল্য।