আই এম এফৰ প্ৰতিবেদনঃ ভাৰতৰ অৰ্থনীতিয়ে পুনৰ গতি ল’ব তীব্ৰ বেগেৰে…

আই এম এফৰ প্ৰতিবেদনঃ ভাৰতৰ অৰ্থনীতিয়ে পুনৰ গতি ল’ব তীব্ৰ বেগেৰে…

author-image
asomiyapratidin
New Update
আই এম এফৰ প্ৰতিবেদনঃ ভাৰতৰ অৰ্থনীতিয়ে পুনৰ গতি ল’ব তীব্ৰ বেগেৰে…

ডিজিটে ডেস্কঃ কোৰোনাৰ পূৰ্বৰে পৰা ভাৰতীয় অৰ্থনীতিৰ ভাঙোনমুখী যাত্ৰা আৰম্ভ হৈছিল। কোৰোনাৰ ফলত দীৰ্ঘদিনীয়া লকডাউন আৰু বিভিন্ন কাৰকৰ বাবে ভাৰতৰ অৰ্থ ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। কিন্তু অতি শীঘ্ৰেই ভাৰতৰ অৰ্থনীতিলৈ আহিব ভাল দিন।

Advertisment

২০২২ বছৰটো ভাৰতৰ অৰ্থনীতিৰ বাবে এটা ভাল বছৰ হ'ব। কৰোনা মহামাৰীৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত অৰ্থনীতি ৭.৩ শতাংশ হ্ৰাস পাইছিল। কিন্তু এতিয়া ই দ্ৰুতগতিত উন্নত হ'ব। আন্তৰ্জাতিক মুদ্ৰা নিধি (আই এম এফ)ৰ দ্বাৰা এই কথা আলোকপাত কৰা হৈছে। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দ্বাৰা প্ৰকাশিত শেহতীয়া অনুমান অনুসৰি, ভাৰতৰ অৰ্থনীতি ২০২১ চনত ৯.৫ শতাংশ আৰু ২০২২ চনত ৮.৫ শতাংশ হাৰত বৃদ্ধি হ'ব। আইএমএফে লগতে কয় যে এই বিকাশৰ হাৰৰ সৈতে, ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি হৈ থাকিব।

আই এম এফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে এই প্ৰতিবেদন প্ৰকাশৰ পিছত কৈছে যে ভাৰতত দ্ৰুতগতিত কোভিড ভেকচিন প্ৰদান কৰা হৈছে। ই অৰ্থনীতিত দ্ৰুত পুনৰুদ্ধাৰত সহায় কৰিছে।

উল্লেখ্য যে বিত্তীয় বৰ্ষ ২০২০-২১ ত ৪০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে, দেশৰ অৰ্থনৈতিক বিকাশ ঋণাত্মক ৭.৩ শতাংশলৈ হ্ৰাস পাইছিল। অৱশ্যে, কৰোনাৰ প্ৰকোপ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনীতিৰ গাড়ীখনেও গতি লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে, চলিত বিত্তীয় বৰ্ষ ২০২১-২২ বৰ্ষৰ প্ৰথম তিনিমাহত অৰ্থনৈতিক বিকাশ অভিলেখ ২০.১শতাংশত উপনীত হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২১-২২বিত্তীয় বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধি ৯.৫ শতাংশ হ'ব বুলি অনুমান কৰিছে। ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত অৰ্থনৈতিক বিকাশৰ হাৰ ১৭.২শতাংশ হ'ব বুলি অনুমান কৰিছে।

আই এম এফৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ বিকাশ ২০২১ চনত ৬ শতাংশ আৰু অহা বছৰ ৫.২ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। আনহাতে, চীনৰ অৰ্থনীতি ২০২১ চনত ৮ শতাংশ আৰু ২০২২ চনত ৫.৬ শতাংশ হাৰত বৃদ্ধি হ'ব পাৰে।