/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/New-Range-of-Hyundai-cars-with-DRM-receivers.png)
ডিজিটেল ডেস্কঃ আপুনি গাড়ী কিনিম বুলি ভাবি আছে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা বেয়া খবৰ। দেশৰ অগ্ৰণী বাহন নিৰ্মাতা প্ৰতিষ্ঠান হোণ্ডাইয়ে বৃদ্ধি কৰিব গাড়ী সমূহৰ দাম।
প্ৰাপ্ত খবৰ অনুসৰি,এই বৃদ্ধি কৰাৰ কাৰন হ'ল বাহনৰ সুৰক্ষা সম্পৰ্কীয় চৰকাৰৰ বিভিন্ন দিশ বাহনত সংযোগ কৰাৰ বাবে। ২০১৯ চনৰ ১ আগষ্টৰ পৰা বৃদ্ধি পাব হোণ্ডাই বাহন সমূহৰ মূল্য। প্ৰতিখন বাহনত ৯,২০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে।