/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/360d16cb-8305-4b06-b8e0-cdc50a57620d.jpg)
ডিজিটেল ডেস্কঃ আপোনাৰে আছে নেকি এখন আই-২০। যদি আছে, তেন্তে আপুনিও সেই নিযুতৰ এজন সৌভাগ্যশালী গ্ৰাহক, যিয়ে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিৰ্মিত বিলাসী বাহনখন ক্ৰয় কৰি এজন বিলাসী ব্যক্তি হিচাপে চিহ্নিত হৈছে। ২০০৮ চনত প্ৰথম বাৰৰ বাবে বজাৰত মুকলি কৰা হুণ্ডাই আই-২০ বাহনখনৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় ৬ লাখৰ পাৰ ৯ লাখ পৰ্যন্ত।
শেহতীয়াকৈ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশত এই বিলাসী বাহনখনৰ গ্ৰাহকৰ সংখ্যা হৈছে ১.৩ নিযুত। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা এই বাহনখনৰ প্ৰদৰ্শন আৰু লুকছ বৰ্তমান দেশৰ শীৰ্ষ বিলাসী বাহন সমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈ আছে।