/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/kl.jpg)
ডিজিটেল ডেস্কঃ আপুনি যদি এই বৰ্ষত নতুন গাড়ী ক্ৰয় কৰাৰ কথা ভাৱিছে তেন্তে আপোনাৰ আছে এটা বেয়া খবৰ । কিয়নো এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বৃদ্ধি পাব হোণ্ডা গাড়ীৰ মূল্য। হোণ্ডা কাৰ্ছ লিমিটেডে বৃহস্পতিবাৰে ইয়াৰ গাড়ীসমূহৰ মূল্য অহা ফেব্ৰুৱাৰীৰ পৰা ১০,০০০ হাজাৰ টকাপৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্তগ্ৰহণ কৰিছে।
প্ৰতিষ্ঠানটোৱে ইয়াৰ প্ৰিমিয়াম এছ ইউ ভি চি আৰ-ভিৰ মূল্য ১০,০০০ টকা আৰু আন মডেলসমূহৰ মূল্য ৭০০০ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিব। মূলত গাড়ী নিৰ্মাণত বৃৱহৃত কেঁচা সামগ্ৰীৰ মূল্য আৰু বিদেশী মুদ্ৰা বিনিময় ব্যয়বহুল হোৱাৰ পৰিপ্ৰেক্ষিততে গাড়ীৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us