জিঅ’ নহয়, এইবাৰ ভোডাফোনৰ বাম্পাৰ অফাৰ, জানিবলৈ পঢ়ক…

জিঅ’ নহয়, এইবাৰ ভোডাফোনৰ বাম্পাৰ অফাৰ, জানিবলৈ পঢ়ক…

author-image
asomiyapratidin
New Update
ভোডাফোনৰ বাম্পাৰ অফাৰ…

ডিজিটেল ডেস্কঃজিঅ'ৰ সৈতে ফেৰ মাৰিবলৈ সাজু হৈছে ভোডাফোন। যদিও জিঅ'ৰ সমান্তৰালকৈ ভোডাফোনৰ কোনো বিশেষ পেকেজ নাই তথাপিও, নতুনকৈ ভোডাফোনৰ ছীম উলিয়াব খোজা গ্ৰাহক সকলৰ বাবে টেলিকম প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে এক বিশেষ সুবিধা।

ভোডাফোনে সিদ্ধান্ত লৈছে যে, এতিয়াৰে পৰা ভোডাফোনৰ প্ৰি-প্ৰেইড ৪ জি ছীম ক্ৰয় কৰা গ্ৰাহকসকলক হোম ডেলিভাৰী দিয়া হ'ব এই ছীমকাৰ্ড। ইয়াৰ বাবে গ্ৰাহকে ভোডাফোনৰ ৱেবচাইটৰ পৰা ক্ৰয় কৰিব লাগিব ২৪৯ টকাৰ এটা বিশেষ পেকেজ। এই ২৪৯ টকাৰ পেকেজৰ পৰাই গ্ৰাহকে লাভ কৰিব ২৮ দিনৰ বৈধতাৰে আনলিমিটেড কল, প্ৰতিদিনে ১.৫ জিবি ডাটা, আৰু ১০০ মেচেজৰ সুবিধা।