৩১ মাৰ্চৰ ভিতৰত মুকলি হ’ব মহানগৰীৰ সকলো পদপথ সেতু- হিমন্ত বিশ্ব শৰ্মা…

৩১ মাৰ্চৰ ভিতৰত মুকলি হ’ব মহানগৰীৰ সকলো পদপথ সেতু- হিমন্ত বিশ্ব শৰ্মা…

author-image
asomiyapratidin
New Update
৩১ মাৰ্চৰ ভিতৰত মুকলি হ’ব মহানগৰীৰ সকলো পদপথ সেতু- হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল ডেস্ক : সোমবাৰে মহানগৰীৰ জিএছ ৰোডত দুখনকৈ পদপথ সেতু মুকলি কৰে বিত্ত তথা লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জি এছ ৰোডৰ খ্ৰীষ্টানবস্তি আৰু এবিচি পইন্টৰ পদপথৰ সেতু দুখন সাধৰণ জনতাৰ বাবে মুকলি কৰা হয়। খ্ৰীষ্টানবস্তিৰ পদপথ সেতু খন ১০.০৬ কোটি টকা আৰু এবিচি পইন্টৰখন ৯.৮৮ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হয়।

পদসেতু দুখন মুকলি কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে – তাজ ভিভান্টা আৰু কামাখা মন্দিৰৰ পদপথ সেতু দুখনৰ কাম প্ৰায় ৮৫ শতাংশ সম্পূৰ্ণ হৈছে । এই মাহৰ ভিতৰতে সেই দুখন পদপথ সেতু জনসাধৰণৰ বাবে মুকলি কৰা হ'ব।আনহাতে ৩১ মাৰ্চৰ ভিতৰত মুকলি কৰা হ'ব মহানগৰীৰ সমূহ পদপথ সেতু। গুৱাহাটী ক্লাৱৰ পৰা নুনমাটিলৈ এখন উৰণীয়া সেতুও নিৰ্মাণ কৰা হ'ব। ষি খন উৰণীয়া সেতুৱে ৰাজগড় ৰোড আৰু জুৰোডক সংযোগ কৰিব। এই উৰণীয়া সেতুৰ নিৰ্মাণ ২০২২ বৰ্ষত আৰম্ভ হ'ব।