কেন্দ্ৰীয় চৰকাৰৰ জি এছ টি হ্ৰাসৰ নতুন নাটক, কোন কোন সামগ্ৰীত জিএছটি হ্ৰাস?

কেন্দ্ৰীয় চৰকাৰৰ জি এছ টি হ্ৰাসৰ নতুন নাটক, কোন কোন সামগ্ৰীত জিএছটি হ্ৰাস?

author-image
asomiyapratidin
New Update
কেন্দ্ৰীয় চৰকাৰৰ জি এছ টি হ্ৰাসৰ নতুন নাটক, কোন কোন সামগ্ৰীত জিএছটি হ্ৰাস?

ডিজিটেল ডেস্কঃ জি এছ টিয়ে সাধাৰণ ক্ৰেতা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মূৰত মাধমাৰ শোধোৱাৰ পিছত আগন্তুক লোকসভা নিৰ্বাচনত সাধাৰণ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এইবাৰ জি এছ টি হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে৷ শনিবাৰে জি এছ টিৰ ৩১ সংখ্যক বৈঠকৰ পিছতে এক সংবাদ মেল সম্বোধন কৰি বিভিন্ন সামগ্ৰীত কৰ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে৷

বিত্তমন্ত্ৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, আগন্তুক সময়ত মুঠ ৩৩ বিধ ভিন্ন সামগ্ৰীত কৰ হ্ৰাস কৰা হৈছে৷ ইয়াৰ ভিতৰত অৱশ্যেই অধিকাংশ বিলাসী সামগ্ৰী হিচাপে গণ্য হোৱা৷ গতিকে নিশ্চিত ভাৱে এই কৰ হ্ৰাসে সাধাৰণ জনতাৰ মূৰৰ পৰা খৰছৰ বোজা নকমায়৷ তথাপি পৰৱৰ্তী সময়ত সাধাৰণ প্ৰয়োজনীয় সামগ্ৰীৰ ক্ষেত্ৰতো জি এছ টি হ্ৰাস কৰা হ'ব বুলি আশা প্ৰকাশ কৰিছে সাধাৰণ জনতাই৷

বিত্তমন্ত্ৰীৰ ঘোষণা অনুসৰি তীৰ্থযাত্ৰীসকলৰ বাবে বিমনানৰ ইক'নমি ক্লাছত জি এছ টি হ্ৰাস কৰি ৫ শতাংশ আৰু বিজনেছ ক্লাছৰ টিকতত হ্ৰাস কৰি ১২ শতাংশ কৰা হৈছে৷ আনহাতে লিথিয়াম বেটেৰীৰ উপৰত থকা জি এছ টি পূৰ্বৰ ২৮ শতাংশৰ বিপৰীতে নতুনকৈ ১৮ শতাংশ কৰা হৈছে৷ উল্লেখ্য যে, লিথিয়াম আয়ান বেটেৰীৰ দ্বাৰা ম'বাইলৰ পাৱাৰ বেংক নিৰ্মাণ কৰা হয়৷

নতুনকৈ ডি এছ এল আৰ কেমেৰা ক্ৰয়তো হ্ৰাস কৰা হৈছে জি এছ টি৷ পূৰ্বৰ ২৮ শতাংশৰ বিপৰীতে ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে ডি এছ এল আৰৰ নতুন জি এছ টি৷ লগতে ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে ভিডিঅ' গেমৰ ওপৰত থকা জি এছ টিও৷ উল্লেখণীয় ভাৱে এইবাৰ বিশেষভাৱে সক্ষম লোকৰ ব্যৱহাৰৰ বাবে হুইল চেয়াৰৰ সা-সৰঞ্জামত পূৰ্বৰ জি এছ টি ২৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে৷

পূৰ্বৰ তুলনাত এতিয়া চিনেমা চোৱাটোও সস্তীয়া হ'ব৷ কিয়নো চৰকাৰৰ ঘোষণা অনুসৰি ১০০ টকাৰ টিকটত পূৰ্বৰ ১৮ শতাংশ জি এছ টিৰ বিপৰীতে এতিয়া ১২ শতাংশ ধাৰ্য্য কৰা হৈছে৷ তদপুৰি ১০০ টকাৰ ওপৰৰ টিকটৰ বাবে পূৰ্বৰ ২৮ শতাংশ জি এছ টিৰ বিপৰীতে ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে৷

আনহাতে বাহনৰ যন্ত্ৰপাতি, টায়াৰ আৰু সৌৰবিদ্যুৎ চালিত যন্ত্ৰৰ ওপৰতো জি এছ টি হ্ৰাস কৰা হৈছে৷ বাহনৰ থাৰ্ড পাৰ্টি বীমাৰ প্ৰিমিয়ামত জি এছ টি ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে৷ তদুপৰি ৩২ ইঞ্চিৰ ৰঙীন টিভিৰ মনিটৰত হ্ৰাস হৈছে জি এছ টি পৰিমাণ৷

উল্লেখ্য যে, জনধন একাউন্টধাৰী সকলৰ বেংক একাউন্টৰ ওপৰত কোনো ধৰণৰ জি এছ টি লগোৱা নহয় বুলি স্পষ্ট কৰি দিছে বিত্ত মন্ত্ৰণালয়ে৷ কিন্তু চিমেন্ট, এ চি, চিগাৰেট, পাণ মচলা আদিৰ দামৰ ওপৰত নিৰ্ধাৰিত জি এছ টি পূৰ্বৰ দৰেই থাকিব বুলি জানিব পৰা গৈছে৷

চৰকাৰৰ এই নতুন কৰ নীতি ২০১৯ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি জানিব পৰা গৈছে৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে, বস্ত্ৰ, খাদ্য আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে৷ গতিকে চৰকাৰে গ্ৰহণ কৰা নতুন কৰ নীতিয়ে দেশৰ সাধাৰণ নাগৰিকসকলৰ ওপৰত কোনো প্ৰভাৱ যে নেপেলায়, সেয়া নিশ্চিত৷