৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব বিত্ত মন্ত্ৰালয়ৰ সচিব হছমুখ অধিয়াই

৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব বিত্ত মন্ত্ৰালয়ৰ সচিব হছমুখ অধিয়াই

author-image
asomiyapratidin
New Update
৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব বিত্ত মন্ত্ৰালয়ৰ সচিব হছমুখ অধিয়াই

ডিজিটেল ডেস্কঃ দেশৰ বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেশৰ বিত্ত মন্ত্ৰালয়ৰ সচিব হছমুখ অধিয়াই অহা ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব৷ এই কথা দেশৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে এক ফেচবুক পোষ্টযোগে জানিবলৈ দিছে৷

এই ফেচবুক পোষ্টটোত অৰুণ জেটলীয়ে অধিয়াক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যত জীৱনলৈও শুভকামনা জ্ঞাপন কৰে৷ বিত্ত সচিবৰ উপৰিও হছমুখ অধিয়াই দেশৰ ৰাজস্ব সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল৷

ইফালে, অৱসৰৰ পিছত অধিয়াৰ পদত ইউ আই এ ডি আইৰ মুখ্য কাৰ্যবাহী সঞ্চালক অজয় ভূষণক নিযুক্তি দিয়াৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে৷ উল্লেখ্য যে, ১৯৮১ চনত আই এ এছ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা হছমুখ অধিয়াক ২০১৪ চনৰ নৱেম্বৰ মাহত দেশৰ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছিল৷