/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/majuli-3.jpg)
ডিজিটেল সংবাদ, গোৱালপাৰা: মাৰত্মক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ উৎপাদন কৰা ঘাটিত পৰিণত হৈছে নামনি অসমৰ চৰাঞ্চল। শেহতীয়াকৈ নামনি অসমৰ কেইবাখনো জিলাৰ চৰাঞ্চলত একাংশ স্থানীয় প্ৰভাৱশালী দুষ্ট চক্ৰই ব্যাপক হাৰত কৰিছে এনে মাৰাত্মক আন্তঃৰাষ্ট্ৰীয় অবৈধ ড্ৰাগছৰ খেতি।
যি খেতিয়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো প্ৰজন্মলৈ অশনি সংকট নমাই অনাৰ আশংকাত সচেতন মহল উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে।এই মাৰত্মক ড্ৰাগছৰ খেতি বিধ হ'ল আফু বা আফিং খেতি।
তথ্য মতে, গোৱালপাৰা,বঙাইগাঁও আৰু বৰপেটা জিলাৰ একাংশ আওহতীয়া চৰাঞ্চলত বিঘাই বিঘাই কৰা আফিং খেতি বাধাহীনভাৱে নদন-বদনকৈ ফুলিছে।একাংশ স্থানীয় প্ৰভাৱশালী দুষ্ট চক্ৰৰ পৃষ্ঠপোষকতাত কৰা এই আফিং খেতিৰ বীজ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ চোৰাং ব্যৱসায়ীয়ে যোগান ধৰি অহাৰ লগতে আফিং প্ৰস্তুত কৰা আফু গুটিৰ পৰা নিসৰণ কৰি ওলোৱা ৰসো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ চক্ৰই সংগ্ৰহ কৰে।
পিছত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ চক্ৰই চৰাঞ্চলসমূহৰ পৰা সংগ্ৰহ কৰা আফিং গুটিৰ ৰসৰ পৰিশোধিত মাৰত্মক আফিং গুৱাহাটী মহানগৰীকে ধৰি মণিপুৰ,অৰুণাচল,মেঘালয় আদি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ড্ৰাগছ ডিলাৰসকলৈ যোগান ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে।উৎপাদন অনুযায়ী এই ড্ৰাগছৰ চক্ৰটোৱে বাংলাদেশ, ভূটান, ম্যানমাৰ,নেপাল আদি বহিঃৰাষ্ট্ৰলৈও আফিং সৰবৰাহ কৰে। গোৱালপাৰা,বঙাইগাঁও আৰু বৰপেটাৰ চৰাঞ্চলত এই অবৈধ ড্ৰাগছ উৎপাদন বিগত কেইবা বছৰৰ পৰা মুকলিভাৱেই চলি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পশ্চিম গোৱালপাৰাৰ চুনাৰী আৰক্ষী থানাৰ অধীনৰ কেইবাখনো চৰাঞ্চলত ৮০ পৰা ১০০ বিঘা মাটিত স্থানীয় প্ৰভাৱশালী চক্ৰই আফিং খেতি কৰা বুলি নিৰ্ভযোগ্য তথ্য লাভ কৰা হৈছে।
তথ্য মতে,পশ্চিম গোৱালপাৰাৰ চুনাৰী আৰক্ষী থানাৰ অধীনস্থ চৰাঞ্চলৰ পাটাকাটা দ্বিতীয় খণ্ড, শিয়ালমাৰী, হোজোৱাৰ চৰ, কালজানী (গেন্দাবৰী)চৰত বিঘাই বিঘাই কৰিছে আফিং খেতি। বৰ্তমানে আফিং খেতিসমূহ নদন-বদনে ফুলিছে। অকল পাটাকাটা আৰু শিয়ালমাৰী চৰতে ৩৫ বিঘাতকৈ অধিক আফিং খেতি কৰা হৈছে।নুৰুল হক, জাহেদ আলী, বাদশ্বাহ শ্বেখ, জমেৰ আলী আৰু ছামান আলী নামৰ প্ৰভাৱশালী স্থানীয় লোক কেইজনে পাটাকাটা আৰু শিয়ালমাৰী চৰত উক্ত আফিং খেতি কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
তেনেদৰে হোজোৱাৰ চৰত ২০/২৫ বিঘা,কালজানী-গেন্দাবৰী চৰত ২০ ৰ ৩০ বিঘা খেতি কৰা হৈছে।হোজাৱাৰ চৰ আৰু কালজানী চৰৰ আফিং খেতিতো স্থানীয় কেইজনমান প্ৰভাৱশালী লোক জড়িত।এই প্ৰভাৱশালী আফিং খেতিয়কসকল ইমানেই প্ৰভাৱশালী যে সাধাৰণ লোকে অবৈধ আফু খেতিৰ বিৰুদ্ধে মাত মাতিলেই জীৱনৰ প্ৰতি সংশয় নামি আহে।জানিব পৰা মতে গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটাৰ চৰাঞ্চলত কৰি অহা বৰ্ষজীবী এই গুল্ম প্ৰজাতিৰ আফিং গছ তিনিৰ পৰা চাৰি ফুট উচ্চতা হয়।অক্টোবৰৰ পৰা নৱেম্বৰ মাহত বীজ ৰোপন কৰা হয়।জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত আফু ফুলি ফল হয়।
এই আফিং হ'ল ভেষজ গুণসম্পন্ন ঔষধি গছ।এই আফিঙৰ পৰাই 'মৰফিন' নামৰ মূল্যবান ঔষধ প্ৰস্তুত কৰা হয়। কিন্তু আফিঙক আন্তঃৰাষ্ট্ৰীয় স্তৰত মাৰত্মক ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰি পৃথিৱীৰ সৰহ সংখ্যক দেশতে অবৈধভাৱে সৰবৰাহ হৈ অহাত প্ৰায়বোৰ দেশতে আফিং খেতি নিষিদ্ধ ঘোষণা কৰা হৈছে।
উল্লেখ্য যে নামনি অসমৰ চৰাঞ্চলসমূহত প্ৰভাৱশালী চক্ৰই কৰা অবৈধ আফিং খেতিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।গোৱালপাৰা জিলাকে ধৰি নামনি অসমৰ চৰাঞ্চলসমূহত কৰা আফিং খেতিসমূহ অতিশিঘ্ৰেই উচ্ছেদ কৰাৰ দাবী জনাইছে সংখ্যালঘূ সংগ্ৰাম পদিষদৰ সম্পাদক হুছাইন আহমেদ মাদানীয়ে।