গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতত বিসংগতি, বাতিল হ’ল পৰীক্ষা, VIDEO

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতত বিসংগতি, বাতিল হ’ল পৰীক্ষা, VIDEO

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকতত বিসংগতি। প্ৰশ্ন কাকতৰ বিসংগতিৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া স্নাতক তৃতীয় ষান্মাসিকৰ পৰীক্ষা বাতিল কৰিবলগীয়া হয়। বিভিন্ন মহাবিদ্যালয়লৈ প্ৰশ্ন কাকত ভুলকৈ যোৱাৰ বাবে এই পৰীক্ষা বাতিল কৰিবলগীয়া হয়।

Advertisment

ৰাজনীতি বিজ্ঞানৰ 'Politics in india' বিষয়ৰ পৰীক্ষা আছিল যদিও ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে 'Indian Constitution'ৰ প্ৰশ্ন। ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কাকত বিতৰণ কৰাৰ সময়ত পোহৰলৈ আহে এই কথা।

আন আন প্ৰান্তৰ লগতে হাটশিঙিমাৰী জিলাতো বাতিল হৈছে পৰীক্ষা। বিশ্ব বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ডই এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, পূৰ্বে এনে বিসংগতি দেখিবলৈ পোৱা গৈছিল চেবাৰ প্ৰশ্ন কাকতত। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এক শিক্ষা প্ৰতিষ্ঠানৰ এনে ভুলক সহজ ভাৱে ল'ব পৰা নাই ছাত্ৰ-ছাত্ৰীসকলেও।