ভাল খবৰ, নতুন বছৰত হ্ৰাস পালে ২৩ বিধ সামগ্ৰীৰ জি এছ টি

ভাল খবৰ, নতুন বছৰত হ্ৰাস পালে ২৩ বিধ সামগ্ৰীৰ জি এছ টি

author-image
asomiyapratidin
New Update
ভাল খবৰ, নতুন বছৰত হ্ৰাস পালে ২৩ বিধ সামগ্ৰীৰ জি এছ টি

ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা হ্ৰাস পালে ৩৩ বিধ সামগ্ৰীৰ জি এচ টি। ২২ ডিচেম্বৰত জি এছ টিৰ ৩১ সংখ্যক বৈঠকৰ পিছতে এই ৩৩ বিধ সামগ্ৰীত কৰ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিছিল বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে৷ অৱশ্যে সেই নিৰ্দেশ কাৰ্যকৰী হৈছে নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা। জি এছ টি হ্ৰাস পোৱা সামগ্ৰীসমূহৰ অধিকাংশই বিলাসী সামগ্ৰী হিচাপে গণ্য হোৱা৷

বিত্তমন্ত্ৰীৰ ঘোষণা অনুসৰি তীৰ্থযাত্ৰীসকলৰ বাবে বিমানৰ ইক'নমি ক্লাছত জি এছ টি হ্ৰাস কৰি ৫ শতাংশ আৰু বিজনেছ ক্লাছৰ টিকতত হ্ৰাস কৰি ১২ শতাংশ কৰা হৈছে৷ আনহাতে লিথিয়াম বেটেৰীৰ উপৰত থকা জি এছ টি পূৰ্বৰ ২৮ শতাংশৰ বিপৰীতে নতুনকৈ ১৮ শতাংশ কৰা হৈছে৷ উল্লেখ্য যে, লিথিয়াম আয়ান বেটেৰীৰ দ্বাৰা ম'বাইলৰ পাৱাৰ বেংক নিৰ্মাণ কৰা হয়৷

নতুনকৈ ডি এছ এল আৰ কেমেৰা ক্ৰয়তো হ্ৰাস কৰা হৈছে জি এছ টি৷ পূৰ্বৰ ২৮ শতাংশৰ বিপৰীতে ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে ডি এছ এল আৰৰ নতুন জি এছ টি৷ লগতে ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে ভিডিঅ' গেমৰ ওপৰত থকা জি এছ টিও৷ উল্লেখণীয় ভাৱে এইবাৰ বিশেষভাৱে সক্ষম লোকৰ ব্যৱহাৰৰ বাবে হুইল চেয়াৰৰ সা-সৰঞ্জামত পূৰ্বৰ জি এছ টি ২৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে৷

পূৰ্বৰ তুলনাত এতিয়া চিনেমা চোৱাটোও সস্তীয়া হ'ব৷ কিয়নো চৰকাৰৰ ঘোষণা অনুসৰি ১০০ টকাৰ টিকটত পূৰ্বৰ ১৮ শতাংশ জি এছ টিৰ বিপৰীতে এতিয়া ১২ শতাংশ ধাৰ্য্য কৰা হৈছে৷ তদপুৰি ১০০ টকাৰ ওপৰৰ টিকটৰ বাবে পূৰ্বৰ ২৮ শতাংশ জি এছ টিৰ বিপৰীতে ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে৷

আনহাতে বাহনৰ যন্ত্ৰপাতি, টায়াৰ আৰু সৌৰবিদ্যুৎ চালিত যন্ত্ৰৰ ওপৰতো জি এছ টি হ্ৰাস কৰা হৈছে৷ বাহনৰ থাৰ্ড পাৰ্টি বীমাৰ প্ৰিমিয়ামত জি এছ টি ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে৷ তদুপৰি ৩২ ইঞ্চিৰ ৰঙীন টিভিৰ মনিটৰত হ্ৰাস হৈছে জি এছ টি পৰিমাণ৷

উল্লেখ্য যে, জনধন একাউন্টধাৰী সকলৰ বেংক একাউন্টৰ ওপৰত কোনো ধৰণৰ জি এছ টি লগোৱা নহয় বুলি স্পষ্ট কৰি দিছে বিত্ত মন্ত্ৰণালয়ে৷ কিন্তু চিমেন্ট, এ চি, চিগাৰেট, পাণ মচলা আদিৰ দামৰ ওপৰত নিৰ্ধাৰিত জি এছ টি পূৰ্বৰ দৰেই থাকিব বুলি জানিব পৰা গৈছে৷