/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/37872359-8d1e-4270-89bd-9b8c02b93c76.jpg)
ডিজিটেল ডেস্কঃ জি এছ টি পৰিষদৰ শনিবাৰে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত বেটাৰী চালিত চাৰিচকীয়া বাহন আৰু স্কুটাৰত হ্ৰাস কৰা হ'ব জিএছটি। বেটাৰী চালিত বাহনসমূহত ১২ শতাংশ জিএছটি হ্ৰাস কৰা হৈছে ৫ শতাংশলৈ। এই নিয়ম জাৰি কৰা হ'ব ১ আগষ্টৰ পৰা।
উল্লেখ্য যে, জিএছটি পৰিষদৰ ৩৬ সংখ্যক বৈঠকখন প্ৰথমে ২৫জুলাই, ২০১৯ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও বিত্ত মন্ত্ৰীগৰাকী সংসদৰকাম-কাজত ব্যস্ত থকাৰ বাবে শনিবাৰে এই বৈঠকখন অনুষ্ঠিত কৰা হয়।
বেটাৰী চালিত বাহনত ১২শতাংশৰ পৰা ৫শতাংশলৈ জি এছ টিহ্ৰাস কৰাৰ লগতে জি এছ টি পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে ছাৰ্জাৰসমূহতো হ্ৰাসকৰা হ'ব জিএছটি। ১৮ শতাংশৰ পৰা হ্ৰাস কৰি ১২ শতাংশ কৰা হৈছে জি এছ টি।