ড্ৰোনক লৈ মোডী চৰকাৰৰ সিদ্ধান্তই আনিছে নতুন আশা

ড্ৰোনক লৈ মোডী চৰকাৰৰ সিদ্ধান্তই আনিছে নতুন আশা

author-image
asomiyapratidin
New Update
ড্ৰোনক লৈ মোডী চৰকাৰৰ সিদ্ধান্তই আনিছে নতুন আশা

ডিজিটেল ডেস্কঃ স্মাৰ্টফোনে আমাৰ দৈনন্দিন জীৱন অধিক সহজ কৰি তুলিছে। এতিয়াৰে পৰা আগতকৈও আৰু সহজ হৈ পৰিব আমাৰ দৈনন্দিন জীৱন। মোডী চৰকাৰৰ এক বিশেষ সিদ্ধান্তই সম্ভৱ কৰি তুলিব এয়া।

Advertisment

এই সিদ্ধান্ত হৈছে ড্ৰোন সম্পৰ্কীয়। শেহতীয়াকৈ ড্ৰোনৰ বাণিজ্যিক উৰণৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। নতুন সিদ্ধান্ত অনুযায়ী অহা ১ ডিচেম্বৰৰ পৰা নিৰ্দিষ্ট কেইটামান ক্ষেত্ৰত ড্ৰোন উৰণৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব।

এই ক্ষেত্ৰসমূহৰ ভিতৰত আছে ৰিয়েল ইষ্টেট, বিদ্যুৎ, চিনেমা আৰু কৃষি। উক্ত ক্ষেত্ৰসমূহৰ সৈতে জড়িত আগ্ৰহীসকলে ১ ডিচেম্বৰৰ পিছত প্ৰয়োজনীয় নিয়মাৱলী পালনৰ জৰিয়তে ড্ৰোন উৰণৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব।

চৰকাৰী নিৰ্দেশনাত উল্লেখ থকা মতে, ৪০০ ফুট উচ্চতালৈকেহে ড্ৰোন উৰণৰ অনুমতি লাভ কৰিব। আনহাতে পণ্য বা খাদ্যসামগ্ৰী ডেলিভাৰীৰ বাবে ড্ৰোন ব্যৱহাৰৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো সেউজ-সংকেত প্ৰদান কৰা নাই চৰকাৰে।

সেয়া হ'লেও শেহতীয়া সিদ্ধান্তৰ পিছত অচিৰেই সকলো ক্ষেত্ৰতে ড্ৰোন উৰণৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিব বুলি আশা কৰিছে বহুতে।