/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/twitter.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ সমৰ্থনত লিখা ১,২০০ টা টুইটাৰ একাউন্ট বন্ধ কৰিবলৈ টুইটাক নিৰ্দেশ দিছে। তেওঁলোকে মন্তব্য কৰিছে যে এই আটাইবোৰ পোষ্ট খালিস্তান সমৰ্থনত আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাত লিখা হৈছে সন্দেহ ব্যক্ত কৰিছে।
তদুপৰি, চৰকাৰে অনুভৱ কৰে যে টুইটাৰৰ চিইঅ' জেক ডৰ্চিয়ে প্ৰতিবাদক সমৰ্থন কৰা কেইটামান টুইটে সামাজিক মাধ্যমটোৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।উল্লেখ্য যে বৰ্তমান বন্ধ কৰি দিয়া এই একাউন্ট সমূহৰ ২৫০ টা পৰবৰ্তী পৰ্যায়ত উৎঘাটন কৰিব পৰা যাব।
দেশৰ তথ্য প্ৰযুক্তিৰ মন্ত্ৰণালয়ে বৰ্তমান প্ৰকাশ কৰা তালিকা অনুসৰি এই সংখ্যা ১১৭৮ টালৈ বৃদ্ধি পাইছে।তেওঁ লোকে এই তালিকাসমূহৰ এখন তালিকাও প্ৰস্তুত কৰিছে। ভাৰতৰ ভিন্ন প্ৰান্তৰ এই একাউন্ট সমূহক খালিস্তানৰ সমৰ্থক বুলি সন্দেহ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে এই একাউন্ট সমূহে সামাজিক ঐক্য আৰু সংহতিত ব্যাঘাত জন্মাব বুলি মন্তব্য প্ৰকাশ কৰিছে।