ভীম-ইউপিআই লেনদেনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ১৫০০ কোটি টকাৰ আঁচনিত কেবিনেটৰ অনুমোদন

কম মূল্যৰ ভীম-ইউপিআই লেনদেন প্ৰসাৰিত কৰাৰ বাবে ইনচেনটিভমূলক আঁচনি ২০২৪ৰ ১ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈ আনুমানিক ১৫০০ কোটি টকা ব্যয়ৰে কাৰ্যকৰী কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
qww

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেবিনেটে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনায়। কেবিনেটে কম মূল্যৰ ভীম-ইউপিআই লেনদেনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ১৫০০ কোটি টকাৰ ইনচেনটিভ আঁচনিত অনুমোদন জনায়। 

Advertisment

ক্ষুদ্ৰ ব্যৱসায়ী শ্ৰেণীৰ অন্তৰ্গত ২০০০ টকা পৰ্যন্ত লেনদেনৰ বাবে প্ৰতিটো লেনদেনৰ মূল্যৰ ০.১৫% ইনচেনটিভ প্ৰদান কৰা হ’ব। কম মূল্যৰ ভীম-ইউপিআই লেনদেন প্ৰসাৰিত কৰাৰ বাবে ইনচেনটিভমূলক আঁচনি ২০২৪ৰ ১ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈ আনুমানিক ১৫০০ কোটি টকা ব্যয়ৰে কাৰ্যকৰী কৰা হ’ব।

কেবিনেটে ২০২৪-২৫ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৩৪০০ কোটি টকাৰ বৰ্ধিত আবণ্টনৰে সংশোধিত ৰাষ্ট্ৰীয় গকুল মিছন ৰূপায়ণত অনুমোদন জনায়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে এই তথ্য প্ৰদান কৰে। চ

ৰকাৰৰ এই অভিযানত কৃত্ৰিম প্ৰজনন আৰু ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (আই ভি এফ)ৰ জৰিয়তে গাখীৰ উৎপাদনৰ উৎপাদনশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। চৰকাৰৰ এই সিদ্ধান্তই দেশৰ সকলো পশুপালক উপকৃত কৰিব আৰু তেওঁলোকৰ আয়ো বৃদ্ধি পাব।

ইউপিআইৰ