ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ…

ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ…

author-image
asomiyapratidin
New Update
ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ…

প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা ইনষ্টাগ্ৰামত আপুনি কৰিব পাৰিব বজাৰ। ফেচবুকৰ মালিকাধীন ইনষ্টাগ্ৰাম প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে ইন-এপ্লিকেচন শ্ব'পিং সেৱা। ইয়াৰ বাবে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা ১৩০ নিযুত লোকে বিভিন্ন কোম্পানীৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

বৰ্তমান আমেৰিকাত মুকলি কৰা হৈছে এই সোৱা। যাৰ দ্বাৰা ২৩ টাকৈ সামগ্ৰী গ্ৰাহকৰ বাবে উপলব্ধ হৈছে। সামগ্ৰী সমূহৰ ভিতৰত আছে বাৰবেৰী, ডায়ৰ, নাইকী, প্ৰাডা, ৱাৰবি পাৰ্কাৰ, কাইলী কছমেটিকছ ইত্যাদি। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে এই তালিকাত অধিক নাম সংযোজন হ'ব বুলি জানিবলৈ দিছে।