দৰিদ্ৰ পৰিয়ালৰ বাবে সুখবৰ! ৰন্ধন গেছৰ ক্ষেত্ৰত চৰকাৰে ল’লে কি নতুন সিদ্ধান্ত?

দৰিদ্ৰ পৰিয়ালৰ বাবে সুখবৰ! ৰন্ধন গেছৰ ক্ষেত্ৰত চৰকাৰে ল’লে কি নতুন সিদ্ধান্ত?

author-image
asomiyapratidin
New Update
দৰিদ্ৰ পৰিয়ালৰ বাবে সুখবৰ! ৰন্ধন গেছৰ ক্ষেত্ৰত চৰকাৰে ল’লে  কি নতুন সিদ্ধান্ত?

ডিজিটেল ডেস্কঃ দিনক দিনে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। ইয়াৰ ফলত সৰ্বসাধাৰণে কিমান অসুবিধাৰ সন্মুখীন হৈছে তাৰ উমান ৰাজ্য বা কেন্দ্ৰ চৰকাৰে একেবাৰে নোপোৱাও নহয়। আজিৰ দিনত এল পি জি গেছৰ নতুন কানেকশ্যন এটা ল'বলৈ ব্যয় কৰিবলগীয়া ধন আদায় দিবলৈও সামৰ্থ নহয় বহুজন। কিন্তু এতিয়া দৰিদ্ৰ সকলো পৰিয়ালৰ লোকসকলৰ বাবে আহিল এটি ভাল খবৰ।

প্ৰধানমন্ত্ৰীয় নৰেন্দ্ৰ মোডীয়ে এল পি জি গেছৰ সন্দৰ্ভত কৰিছে এক বিশেষ ঘোষণা। উজ্জ্বলা আঁচনিৰ অধীনত এতিয়াৰে পৰা সকলো দৰিদ্ৰ পৰিয়ালেই শুল্কবিহীন এল পি জি গেছ লাভ কৰিব। পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্রধানে জনোৱা মতে, এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।

পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কয়- প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত বৰ্তমানলৈ মুঠ ৫লাখ ৮৬ হাজাৰ দৰিদ্ৰ পৰিয়ালক এই সুবিধা প্ৰদান কৰা হৈছে। কেবিনেটে মঙলবাৰে এই আঁচনিক সমগ্ৰ দেশতেই সমান ৰূপত ব্যৱহাৰ কৰাৰ নিৰ্ণয় লৈছে। দৰিদ্ৰ পৰিয়ালে এতিয়াৰে পৰা এই আঁচনিৰ অধীনত কোনো ফৰ্ম ভৰ্তি নকৰোৱাকৈয়ে লাভ কৰিব গেছৰ সুবিধা। ইয়াৰ বাবে তেওঁলোকে নিজেই জনাব লাগিব। এই পদক্ষেপ লোৱাৰ উদ্দেশ্য হ'ল সমগ্ৰ দেশৰ সকলো দুখীয়া শ্ৰেণীৰ পৰিয়ালে এই সুবিধা লাভ কৰা।'

উল্লেখ্য যে, এই আঁচনি ২০১৬ত আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সেই সময়ত এই আঁচনি লাভ কৰিছিল কেৱল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ মহিলাসকলে। তেওঁলোকক ৰেহাই হাৰত এল পি জি গেছ কানেকশ্যন দিয়া হৈছিল। এতিয়া চৰকাৰে এই আঁচনিৰ দ্বাৰা সকলো দৰিদ্ৰ পৰিয়ালৰ লোককে উপকৃত কৰাৰ নিৰ্ণয় লৈছে।

এই আঁচনিৰ অধীনত কেন্দ্ৰই চৰকাৰী তেল কোম্পানীসমূহক প্ৰতিটো গেছৰ কানেকশ্যনত দিছিল ১৬০০ টকা ৰেহাই। পূৰ্বে গ্ৰাহকে গেছৰ বাৰ্ণাৰ নিজেই ক্ৰয় কৰিব লাগিছিল। কিন্তু এতিয়াৰে পৰা তেওঁলোকৰ ধনৰ ৰেহাই কৰিবলৈ গেছৰ চিলিণ্ডাৰৰ সৈতে চৰকাৰে বাৰ্ণাৰ দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে এটা সম্পূৰ্ণ ভৰ্তি গেছ চিলিণ্ডাৰৰ ক্ৰয় মূল্যও মাহিলী কিস্তি হিচাপত পৰিশোধ কৰিব পাৰিব।

২০১১চনত গেছ কানেকশ্যন জাতিৰ ওপৰত ভিত্তি কৰি দিয়া হৈছিল। পিছলৈ এছ চি, এছটি, অবিচি শ্ৰেণীৰ লোকসকলেহে এই কানেকশ্যন লাভ কৰিছিল। কিন্তু এতিয়া উজ্জ্বলা আঁচনিৰ অধীনত জাতিৰ বিপৰীতে পৰিয়ালটোৰ আয়ৰ ওপৰত ভিত্তি কৰিহে কানেকশ্যন দিয়া হ'ব। অৰ্থাৎ সকলো দুখীয়া লোকৰ পৰিয়ালে লাভ কৰি এল পি জি গেছৰ কানেকশ্যন।