/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/MONEYLIFE23AUG2018.jpg)
ডিজিটেল ডেস্কঃ ক্ষুদ্ৰ ব্যৱয়াসীসকলক সকাহ দি বৃহস্পতিবাৰে জি এছ টি পৰিষদে জিএছটি ৰেহাইৰ সীমা বৃদ্ধি কৰি দুগুন কৰিছে। ইয়াৰ উপৰিও কম্পোজিছন যোজনা লাভৰ সীমাও বৃদ্ধি কৰা হৈছে। বিত্তমত্তী অৰুণ জেটলীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে জিএছটি পৰিষদে ক্ষুদ্ৰ ব্যৱসায়ীসকলক জিএছটিৰ পৰা সকাহ প্ৰদান কৰি বাৰ্ষিক কৰ ২০ লাখৰ পৰা বৃদ্ধি কৰি ৪০ লাখলৈ বৃদ্ধি কৰিছে। আনহাতে পুৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ বাবে এই পৰিমাণ বৃদ্ধি কৰি ২০ লাখ কৰা হৈছে বুলিও জানিবলৈ দিয়ে অৰুণ জেটলীয়ে।
তদুপৰি বৃদ্ধি কৰা হৈছে কম্পোজিছন যোজনাৰ লাভ লোৱাৰ সীমাও। এই যোজনাৰ অধীনত ক্ষুদ্ৰ ব্যৱাসায়ী আৰু কোম্পানীসমূহে উৎপাদিত সামগ্ৰীৰ মূল্যবৰ্ধনৰ বিপৰীতে তেওঁলোকৰ ব্যৱসায়ৰ হিচাবত সাধাৰণ কৰ প্ৰদান কৰিব লাগিব। কম্পোজিছন যোজনাৰ বাবে নিৰ্ধাৰিত সীমা পূৰ্বৰ ১ কোটিৰ বিপৰীতে এতিয়া ডেৰ কোটি কৰা হৈছে বুলি জনায় বিত্তমন্ত্ৰীগৰাকীয়ে।
বিত্তমন্ত্ৰী জেটলীয়ে মন্তব্য কৰা মতে, এই দুই পদক্ষেপৰ জৰিয়তে সাধাৰণ আৰু মধ্য উদ্যোগী সকলে সকাহ লাভ কৰিব। ইয়াৰ উপৰিও পৰিষদে কেৰালাক ২ বছৰৰ বাবে ৰাজ্যৰ ভিতৰত হ'বলগা বিক্ৰীৰ ওপৰত এক শতাংশ 'দুৰ্যোগ' কৰ লগোৱাৰ অনুমতি প্ৰদান কৰা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে।