হ্ৰাস পালে সোণৰ মূল্য…

হ্ৰাস পালে সোণৰ মূল্য…

author-image
asomiyapratidin
New Update
হ্ৰাস পালে সোণৰ মূল্য…

ডিজিটেল ডেস্কঃ সোণ ক্ৰয় কৰা কথা যদি ভাৱি আছিল তেন্তে আপোনাৰ বাবে এটা সুখবৰ। পেট্ৰল-ডিজেলৰ মুল্যবৃদ্ধিৰ মাজতে জনসাধাৰণক অলপ হলেও সকাহ দিব এই খবৰে। কিয়নো দাম কমিল সোণৰ। সোমবাৰে প্ৰতি দহ গ্ৰাম সোণত হ্ৰাস পালে ১৯০ টকাকৈ।

কেৱল এয়াই নহয় যোৱা শনিবাৰেও প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পাইছিল ৩০ টকা। সোণৰ মুল্য হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য কোনো ধৰণৰ সাল-সলনি হোৱা নাই। খবৰ অনুসৰি, বিগত কেইটামান দিনৰ ভিতৰতে সোণৰ মুল্য আৰু হ্ৰাস হব পাৰে।