পুনৰ বৃদ্ধি পালে সোনৰ মূল্য…

পুনৰ বৃদ্ধি পালে সোনৰ মূল্য…

author-image
asomiyapratidin
New Update
পুনৰ বৃদ্ধি পালে সোনৰ মূল্য…

ডিজিটেল ডেস্কঃ বিয়াৰ বতৰ।আপুনিও গঢ়াব খুজিছে নেকি সোনৰ গহণা ? দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে মূল্যৱান ধাতুৰ মূল্য। সোনৰে মূল্যই আকাশ চুইছেগৈ এই বতৰত। বুধবাৰে দিল্লীৰ চৰোফা বজাৰত সোনৰ মূল্য প্ৰতি ১০ গ্ৰামত ২১৫ টকাকৈ বৃদ্ধি পাই এই মূল্য ৪৯,০৫৯ হৈছেগৈ। এইচডিএফচিৰ সূত্ৰৰ পৰা লাভ কৰা হৈছে এই তথ্য। ইয়াৰ পূৰ্বে প্ৰতি ১০ গ্ৰাম সোনৰ মূল্য আছিল ৪৮,৮৪৪ টকা।

উল্লেখ্য যে, ইয়াৰ লগে বৃদ্ধি পাইছে ৰূপ ধাতুৰো মূল্য। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৬৩,৬৩৭ৰ বিপৰীতে ৬৪,৮২২ হৈছেগৈ।অন্যহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে দুয়োবিধ ধাতুৰে মূল্য।