ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ ত জিইএমৰ শক্তি প্ৰদৰ্শন...

কৌশলগত উপস্থাপন অংশীদাৰ হিচাপে জিইএম য়ে এই অনুষ্ঠানৰ সময়ত কেইবাটাও ষ্টাৰ্টআপ, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ নেতাৰ সৈতে মত বিনিময় কৰে।

author-image
Asomiya Pratidin
New Update
্িে্িি

ডিজিটেল ডেস্কঃ  ৫ এপ্ৰিলত নতুন দিল্লীত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ৰ সামৰণি পৰে। অনুষ্ঠানত মূল অংশগ্ৰহণকাৰী সকলৰ ভিতৰত আছিল চৰকাৰী ই মাৰ্কেটপ্লেচ (জিইএম), যিয়ে ষ্টাৰ্টআপৰ সমৰ্থনত নিজৰ ভূমিকা প্ৰদৰ্শন কৰি উদ্ভাৱন আৰু অন্তৰ্ভুক্ত বৃদ্ধিৰ প্ৰসাৰৰ আহিলা হিচাপে ৰাজহুৱা ক্ৰয়ৰ সম্ভাৱনাক আলোকপাত কৰিছিল।

Advertisment

জিইএম পেভিলিয়নত ৭০টাতকৈও অধিক উদ্ভাৱনীমূলক ষ্টাৰ্টআপে অংশগ্ৰহণ কৰিছিল, য’ত জিইএমৰ ষ্টাৰ্ট-অ’-নটছ চেলেঞ্জৰ বিজয়ীসকলক বিনামূলীয়াকৈ দিয়া ৩০টা ষ্টাৰ্টআপ পডো আছিল। এই পৰ্যন্ত জিইএম য়ে ৩০,০০০ৰো অধিক ষ্টাৰ্টআপৰ বাবে ৩৮,৫০০ কোটি টকাৰো অধিক মূল্যৰ লেনদেন সক্ষম কৰি তুলিছে।

কৌশলগত উপস্থাপন অংশীদাৰ হিচাপে জিইএম য়ে এই অনুষ্ঠানৰ সময়ত কেইবাটাও ষ্টাৰ্টআপ, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক আৰু উদ্যোগৰ নেতাৰ সৈতে মত বিনিময় কৰে। ইয়াৰ অংশগ্ৰহণে বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰি, নতুন সুযোগক উৎসাহিত কৰে। 

এই পদক্ষেপে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগাই ভাৰতীয় ষ্টাৰ্টআপসমূহৰ উন্নয়নত সহায় কৰাৰ বাবে চৰকাৰৰ চলি থকা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছিল। অনুষ্ঠানত ছেক্টৰ কেন্দ্ৰিক পেভিলিয়নত ডিপটেক, এগ্ৰিটেক, বায়’টেক, মেডটেক, কৃত্ৰিম বুদ্ধিমত্তা, গেমিং আৰু অধিক ক্ষেত্ৰত ভাৰতৰ শক্তি প্ৰদৰ্শন কৰে।

ষ্টাৰ্টআপ ইণ্ডিয়া