বৈদেশিক মুদ্ৰাৰ মজুতঃ একেৰাহে ষষ্ঠ সপ্তাহৰ বাবে ১.৫৬৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি...

৪ এপ্ৰিলত সমাপ্ত হোৱা মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ১০.৮৭ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৭৬.২৭ বিলিয়ন ডলাৰ হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।

author-image
Asomiya Pratidin
New Update
dg

ডিজিটেল ডেস্কঃ   ভাৰতত বৈদেশিক মুদ্ৰাৰ মজুত উৰ্ধমুখী গতি অব্যাহত আছে। শুকুৰবাৰে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা অনুসৰি ১১ এপ্ৰিলত সমাপ্ত হোৱা সপ্তাহটোৰ বাবে ভাৰতৰ বৈদেশিক মজুত ১.৫৬৭ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৭৭.৮৩৫ বিলিয়ন ডলাৰ হৈছে। 

Advertisment

৪ এপ্ৰিলত সমাপ্ত হোৱা মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ১০.৮৭ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৭৬.২৭ বিলিয়ন ডলাৰ হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।

 ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ১১ এপ্ৰিলত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ এটা প্ৰধান উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি ৮৯২ মিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাই ৫৭৪.৯৮ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে। সপ্তাহটোত সোণৰ মূল্য ৬৩৮ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৭৯.৯৯ বিলিয়ন ডলাৰ হৈছে। বিশেষ ড্ৰয়িং ৰাইট (SDR) ৬০ ট্ৰিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৩৬ বিলিয়ন ডলাৰ হৈছে।

কেন্দ্ৰীয় বেংকৰ তথ্য অনুসৰি, পৰ্যালোচনাধীন সপ্তাহটোত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভ স্থান ৪৩ মিলিয়ন ডলাৰ বৃদ্ধি পাই ৪.৫০ বিলিয়ন ডলাৰ হৈছে।

বৈদেশিক মুদ্ৰাৰ মজুত