দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ! হ্ৰাস পাইছে জি এছ টি সংগ্ৰহৰ পৰিমান…

দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ! হ্ৰাস পাইছে জি এছ টি সংগ্ৰহৰ পৰিমান…

author-image
asomiyapratidin
New Update
দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ! হ্ৰাস পাইছে জি এছ টি সংগ্ৰহৰ পৰিমান…

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ এতিয়া পৰিবলৈ লৈছে চৰকাৰে সংগ্ৰহ কৰা জি এছ টিৰ ওপৰতো। আগষ্টত মাহত জি এছ টি সংগ্ৰহ কৰা হৈছিল মুঠ ৯৮,২০২ কোটি টকা। চলিত বিত্তীয় বৰ্ষত তৃতীয় বাৰৰ বাবে এই ধনৰ পৰিমান ১ লাখ কোটি টকাৰো কম হৈছেগৈ।

Advertisment

ইফালে, জুন মাহত জি এছ টি সংগ্ৰহ কৰা হৈছিল মুঠ ৯৯,৯৩৯ কোটি টকা। আনহাতে, জুলাইত মাহত এই পৰিমান আছিল ১.০২ লাখ কোটি টকা। অৰ্থাৎ জুলাই মাহৰ পাছৰ পৰা প্ৰতি মাহে হ্ৰাস পাবলৈ ধৰিছে চৰকাৰে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমান।

উল্লেখ্য যে, বিশেষজ্ঞসকলৰ মতে,দেশত বাহন বিক্ৰীৰ হাৰ হ্ৰাস পাবলৈ ধৰিছে। লগতে দেশৰ অৰ্থব্যৱস্থাক লৈ নতুনবিনিয়োগকাৰীৰ মাজতো কোনো ধৰণৰ উৎসাহ দেখিবলৈ পোৱা হোৱা নাই। এনে পৰিস্থিতিত যদি এইদেশৰ অৰ্থ ব্যৱস্থা সলনি নহয় তেন্তে ইয়াৰ প্ৰভাৱ কৰিব কেন্দ্ৰীয় চৰকাৰৰ জমা ধনৰওপৰত।