/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4-DA0UWAAAKZ32.jpg)
ডিজিটেল ডেস্কঃ আজিৰ সময়ত মহিলা কোনো গুণেই কম নহয়, তাকে প্ৰমাণ কৰিবলৈ গৈ ভাৰতীয় সেনাই গ্ৰহণ কৰিছে এক উল্লেখনীয় প্ৰদক্ষেপ। এতিয়াৰে পৰা অনলাইনৰ যোগে ভাৰতীয় সেনাত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব মহিলা প্ৰাৰ্থীয়ে। ইতোমধ্যে ভাৰতীয় সেনাই এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়া পূৰ্বতে আছিল যদিও সেনা প্ৰধান বিপিন ৰাৱটৰ কাৰ্যকালত বিলুপ্তি কৰা হৈছিল। কিন্তু শেহতীয়াকৈ ৰক্ষা মন্ত্ৰালয়ে এই প্ৰক্ৰিয়াক পুনৰ মঞ্জুৰি প্ৰদান কৰিছে। ২৫ অক্টোবৰৰ পৰাই আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীয়ে। ইয়াৰ বাৰে বিতং তথ্য joinindianarmy.nic.in নামৰ ভাৰতীয় সেনাৰ ৱেবচাইটত উপলদ্ধ।