/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/collage_660_050517113329_090817033817_092017014608_092117102109-1.jpg)
ডিজিটেল ডেস্কঃ দেশত দিনকদিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। কিন্তু তাৰ মাজতে পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বে ই-কৰ্মাচৰ জৰিয়তে বিভিন্ন সামগ্ৰীৰ খুচুৰা বিক্ৰেতা প্ৰতিষ্ঠান ফ্লিপকাৰ্ট আৰু এমাজনে ১লাখ ২০হাজাৰ ঠিকাভিত্তিক চাকৰিৰ সৃষ্টিৰ পৰিকল্পনা কৰিছে।
উল্লেখ্য যে, ২০১৭ চনতো এই প্ৰতিষ্ঠান দুটাই সংস্থাপন দিছিল ৬০ হাজাৰো অধিক যুৱকক। এই বছৰত এই সংখ্যা বৃদ্ধি কৰাৰ কাৰণ হ'ল প্ৰতিষ্ঠান দুটাই বিভিন্ন সামগ্ৰী ৰেহাই হাৰত আগবঢ়োৱাৰ লগতে ল'জিষ্টিক আৰু যোগান সেৱা শক্তিশালী কৰিবৰ বাবে সামগ্ৰী যোগান ধৰা কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি কৰিব বিচাৰিছে।
ইয়াৰ পূৰ্বেও এই প্ৰতিষ্ঠান দুটাই বহুসংখ্যক ঠিকাভিত্তিক চাকৰি সৃষ্টি কৰিছিল। মূলতঃ উৎসৱৰ সময়চোৱাতে এনে প্ৰতিষ্ঠানসমূহে বিশেষ ৰেহাই আগবঢ়োৱাৰ লগতে গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি যোগানৰ প্ৰক্ৰিয়া খৰকতীয়া কৰি তুলিবৰ বাবে ঠিকাভিত্তিক চাকৰিৰ সৃষ্টিত গুৰুত্ব দি আহিছে।