কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাঃ চৰকাৰী বেংকসমূহক দিয়া হ’ব ৭০হাজাৰ কোটি টকা…

কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাঃ চৰকাৰী বেংকসমূহক দিয়া হ’ব ৭০হাজাৰ কোটি টকা…

author-image
asomiyapratidin
New Update
কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাঃ চৰকাৰী বেংকসমূহক দিয়া হ’ব ৭০হাজাৰ কোটি টকা…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে দেশৰ আৰ্থিক ব্যৱস্থাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ দেশৰ বিকাশৰ হাৰ অন্য দেশৰ তুলনাত অধিক। বৰ্তমান সময়ত আমেৰিকা আৰু জাৰ্মানৰ বিকাশো হ্ৰাস পোৱা দেখা গৈছে। গ্ল'বল জিডিপিৰ হাৰ এতিয়া ৩.৪ শতাংশ। আমেৰিকা-চীনৰ ব্যৱসায়িক যুদ্ধৰো প্ৰভাৱ কৰিছে।

Advertisment

কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনে লগতে কয়- আমিটেক্স জমা কৰণৰ প্ৰক্ৰিয়াও বহু সুবিধাজনক কৰিলো। আৰু সংশোধনৰ প্ৰক্ৰিয়া অব্যাহতআছে। এতিয়া আপোনলোকক কোনো বিষয়াই হাৰাশাস্তি কৰিব নোৱাৰে। এতিয়া য'তেই সন্দেহথাকিব, তাতেই তদন্ত কৰা হ'ব। আৰু ৪৮ ঘণ্টাৰ ভিতৰত তদন্তৰ সমীক্ষা জাৰি কৰা হ'ব।চৰকাৰে সৰ্বসাধাৰণক হাৰাশাস্তি কৰা কথাটো সত্য নহয়। আৰু কোম্পানী এক্ট অনুসৰি১৪০০০ হাজাৰ গোচৰ ঘূৰাই পঠিওৱা হৈছে।

নিৰ্মলা সীতাৰমনে সংবাদমেলখনত আৰু কয়- ক'ৰ্পৰেটছ'শল জবাবদিহি আইন সংশোধন কৰা হ'ব। চিএছআৰ উলংঘা কৰিলে তাক অপৰাধ হিচাপে ধৰা নহ'ব।তদুপৰি বৰ্তমানলৈ জাৰি কৰা সকলো নটীছৰ কাম কাজ ১ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।

লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰী বেংকসমূহক৭০ হাজাৰ কোটি টকা প্ৰদান কৰাৰ হ'ব। ৰেপ' ৰেটৰ সৈতে সুদৰ হাৰ সংযোগ কৰা হ'ব। ৰেপ'ৰেট কম হোৱাৰ পাছত গৃহ আৰু বাহনৰ ক্ষেত্ৰত লোণসমূহৰ ৰেহাই বৃদ্ধি হ'ব। আৰু ঋণৰসকলো আৱেদন অনলাইন চাব পৰা হ'ব।