/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/613c64a9-2c1d-46f6-8c81-6c86693c068f.jpg)
ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ কথা কৈ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে বুধবাৰে প্ৰথমখন সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। পুনৰ বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আন এখন সংবাদমেল সম্বোধন কৰিব বুলি সদৰি কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ধনৰাশিৰ খৰচ প্ৰসংগত বুধবাৰে বিস্তৃতভাৱে বিৱৰণ দিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বৃহস্পতিবাৰে পুনৰ বুধবাৰে ঘোষণা নকৰা আন কেতবোৰ প্ৰসংগ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব। এই অনুসৰি বিয়লি ৪ বজাত এক সংবাদমেল সম্বোধন কৰিব নিৰ্মলা সীতাৰমণে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us