ফেব্ৰুৱাৰী মাহত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

ফেব্ৰুৱাৰী মাহত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

author-image
asomiyapratidin
New Update
ফেব্ৰুৱাৰী মাহত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

ডিজিটেল ডেস্কঃ যোৱা ফেব্ৰুৱাৰী মাহত দেশৰ বজাৰত সৰ্বাধিক বিক্ৰী হোৱা মাল্টি পাৰপাজ ভেহিকল বাহনৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মাৰুতি ছুজুকিৰ আৰ্টিগা বাহনখনে। বিগত ২০১৮ বৰ্ষৰ তুলনাত এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰ্টিগাৰ বিক্ৰী ৭২ শতাংশ বৃদ্ধি পাইছে। এই সময়চোৱাত প্ৰতিষ্ঠানটোৱে ৭,৯৭৫ খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

এই তালিকাত দ্বিতীয় স্থান দখল কৰিছে টয়'টাৰ ইনভা ক্ৰিষ্টা বাহনখনে। ফেব্ৰুৱাৰী মাহত টয়'টাই মুঠ ৬,৬৩৪খন বাহন বিক্ৰী কৰিছে। আনহাতে তৃতীয় স্থানত আছে মহিন্দ্ৰাৰ মাৰাজ্জো বাহন খন। ফেব্ৰুৱাৰী মাহত ২,৮৮১ খন মহিন্দ্ৰ মাৰাজ্জো বাহন বিক্ৰী হৈছে।