বাধ্যতামূলক ফাষ্টটেগ অনথ্যা ভৰিব লাগিব ২ গুণ জৰিমনা…

বাধ্যতামূলক ফাষ্টটেগ অনথ্যা ভৰিব লাগিব ২ গুণ জৰিমনা…

author-image
asomiyapratidin
New Update
ভাঙি পেলোৱা হ’ব অসমৰ ৪ খন টোল গেট !

ডিজিটেল ডেস্কঃ ১৫ ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামূলক কৰা হৈছে ফাষ্টটেগ। অন্যথা ভৰিব লাগিব দুগুণ জৰিমনা। দেওবাৰে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰালয়ে।

Advertisment

চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা বাধ্যতামূলক কৰা হৈছিল ফাষ্ট টেগ। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত এই সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছিল।

উল্লেখ্য যে, স্বয়ংক্ৰিয়ভাৱে বাহনৰ বাধাহীন চলাচল নিশ্চিত কৰা, ইন্ধন আৰু সময় সংৰক্ষণ কৰাৰ লগতে টোল প্লাজাত ইলেক্ট্ৰনিক মাচুল পৰিশোধৰ সুবিধা প্ৰদান কৰিব এই ব্যৱস্থাই।অন্যহাতে ই ৰাজহ ব্যৱস্থাৰ স্বচ্ছতা ৰক্ষণাবেক্ষণ কৰাৰ লগতে অপচয় বন্ধ কৰিব বুলিও আশা কৰিছে পৰিৱহন মন্ত্ৰালয়ে।