আন্দোলনৰ পৰা কৃষক কেতিয়াও পিছ হুঁহকি নাহে, পিছুৱাব লাগিব চৰকাৰেহেঃ ৰাহুল গান্ধী…

আন্দোলনৰ পৰা কৃষক কেতিয়াও পিছ হুঁহকি নাহে, পিছুৱাব লাগিব চৰকাৰেহেঃ ৰাহুল গান্ধী…

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰী মোডী চীনৰ আক্ৰমণৰ পৰা দেশ আৰু দেশৰ জোৱানক ৰক্ষা কৰাত ব্যৰ্থঃ ৰাহুল গান্ধী…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আন্দোলনকাৰী কৃষকক দিল্লীত প্ৰৱেশ কৰাত বাধা দিবৰ বাবে মোডী চৰকাৰে অৱলম্বন কৰা নীতি সন্দৰ্ভত বুধবাৰে চৰকাৰে আত্মঘাতী আঁচনি প্ৰস্তুত কৰিছে বুলি মন্তব্য কৰিছে। তেওঁ চৰকাৰে কৃষক সকললৈ কিয় ইমান ভয় কৰে বুলিও প্ৰশ্ন কৰে।

Advertisment

ৰাহুল গান্ধীয়ে কয় যে, কৃষক সকল হৈছে দেশৰ শক্তি। চৰকাৰৰ কাম আলোচনাৰ মাজেৰে এই সমস্যাৰ সমাধান কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰৰ কাম ভয় খুৱাবলৈ চেষ্টা কৰা নহয় বুলিও মন্তব্য কৰে। তেওঁ কয় যে এই আন্দোলন সফল হোৱাটো এক প্ৰকাৰ নিশ্চিত বুলি মন্তব্য কৰি তেওঁ কয় যে এই আন্দোলনৰ পৰা কেতিয়াও পিছ হুহঁকি নাহে কৃষক , পিছ হুহঁকিব চৰকাৰহে। তেওঁ সেইবাৰে সময় থাকোতেই চৰকাৰক পিছুৱাই আহিবলৈ উপদেশ দিয়ে।

উল্লেখ্য যে, শেহতীয়াকৈ কৃষক সকলক ৰোধিবৰ বাবে অমিত শ্বাহৰ দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰিছে কিছুমান অগণতান্ত্ৰিক পদক্ষেপ। তেওঁলোকে আন্দোলনৰ পথত গঁজাল পুতি দিয়াৰ লগতে দ দ খাৱৈ খান্দিছে আৰক্ষীয়ে। এই লৈ যথেষ্ট চৰ্চা চলিছে সকলো মাধ্যমতে।