/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/buduget.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে উপস্থাপন কৰা বাজেটত ডিজেল আৰু প্ৰেট্ৰ'লৰ ওপৰত কৃষি উপকৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে প্ৰতিলিটাৰ প্ৰেট্ৰলত ২.৫০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৪ টকাৰ উপকৰ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বাজেটখনত।
বৰ্তমান এই উপকৰৰ কোনো প্ৰভাৱ উপভোক্তাৰ ওপৰত নপৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে- কৃষি উপকৰ বৃদ্ধি কৰাৰ লগতে প্ৰাথমিক আবকাৰী শুল্ক আৰু অতিৰিক্ত আবকাৰী শুল্কৰ হাৰ হ্ৰাস কৰা হৈছে। তেওঁ উল্লেখ কৰিছে যে, ইয়াৰ জৰিয়তে সামগ্ৰিকভাৱে কৃষি কৰৰ অতিৰিক্ত ভাৰ উপভোক্তাই ব্যয় কৰিব নালাগিব।