লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে উৰ্ধমুখী শ্বেয়াৰ বজাৰ

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে উৰ্ধমুখী শ্বেয়াৰ বজাৰ

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে উৰ্ধমুখী শ্বেয়াৰ বজাৰ

ডিজিটেল ডেস্কঃ দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে সোমবাৰে উৰ্ধমুখী হয় দেশৰ শ্বেয়াৰ বজাৰ। পুৱাৰ ভাগত চেনচেক্স আৰু এনএছই নিফটি দুয়োটাই অভিলেখ সূচাংক অতিক্ৰম কৰে। BSE ৰ ইণ্ডেক্স চেনচেক্সৰ মূল্য প্ৰথমবাৰৰ বাবে ৭৬,৫০০ সূচাংক অতিক্ৰম কৰি যায়। প্ৰি-অপেনিঙৰ সময়ত চেনচেক্স ২৬০০ পইন্টলৈ যায়।

একে সময়তে এন এছ ই নিফটিও ১৯০০ পইণ্টলৈ বৃদ্ধি হৈ ৫০,৮০০ পইণ্টৰ ওপৰত উপনীত হয়। নিফটিয়ে ৪ বছৰৰ মূৰত সৰ্বাধিক সূচাংক স্পৰ্শৰ অভিলেখ গঢ়িলে। এগজিট প’লত মোডী চৰকাৰে পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰা বাবে শ্বেয়াৰ বজাৰত এই উত্থান হোৱা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বাহিৰেও অন্য বহু কাৰণত শ্বেয়াৰ বজাৰত লাভালাভ হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পায়।

Also Read: লংকাৰ বিদ্যালয়ত অবাঞ্চিত ঘটনা : শ্ৰেণীকোঠাত ওলাল সুৰাৰ বটল আৰু...

share Market 2024 share Markets To Record High share Markets