সৰ্বকালৰ অভিলেখ ভংগঃ প্ৰতি কেজিত ৭০,৫০১ টকা দৰত বিক্ৰী অসমৰ চাহ…সবিশেষ

সৰ্বকালৰ অভিলেখ ভংগঃ প্ৰতি কেজিত ৭০,৫০১ টকা দৰত বিক্ৰী অসমৰ চাহ…সবিশেষ

ডিজিটেল ডেস্কঃ সৰ্বকালৰ অভিলেখ ভংগ কৰি মঙলবাৰে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত হোৱা নিলামত প্ৰতি কেজিত ৫০,০০০ টকা দৰত বিক্ৰী হৈছিল অসমৰ চাহ। ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ চাহে গঢ়িছিল এই অভিলেখ। সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিছিল ১ কিলোগ্ৰাম মনোহাৰী গোল্ড চাহ। কিন্তু মনোহাৰী গোল্ড চাহ এই অভিলেখৰ গৰাকী হৈ থাকিল কেৱল মঙলবাৰৰ ৰাতিটোৰ বাবেহে। বুধবাৰে পুৱাই সৰ্বাধিক মূল্যত নীলাম হোৱা চাহৰ অভিলেখ ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ পৰা কাঢ়ি নিলে আসাম কোম্পানী ইণ্ডিয়া লিমিটেডৰ মাইজান চাহ বাগিচাই।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিগত কিছুদিনৰ পৰা চলি থকা চাহৰ নিলামত বুধবাৰে পুৱাই সকলো ৰেকৰ্ড ভংগ কৰি সৰ্বাধিক মূল্যত বিক্ৰী হোৱা চাহৰ তালিকাত নাম অন্তভুক্ত কৰিলে আসাম কোম্পানী ইণ্ডিয়া লিমিটেডৰ মাইজান চাহ বাগিচাৰ গোল্ড চাহে। মাইজান চাহ বাগিচাৰ এই গোল্ড চাহ বুধবাৰৰ নিলামত প্ৰতি কেজিত ৭০,৫০১ টকা দৰত ক্ৰয় কৰিলে মুনন্ধা টি কোম্পানী নামৰ গুৱাহাটীৰে এটা প্ৰতিষ্ঠানে। ইয়াৰ পাছতে সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বাধিক মূল্যত বিক্ৰী হোৱা অসমৰ চাহৰ তালিকাত প্ৰথম স্থানত অধিস্থিত হল মাইজান চাহ বাগিচাৰ গোল্ড টি। উল্লখ্য যে, মুনন্ধা টি কোম্পানী নামৰ প্ৰতিষ্ঠানটো হৈছে এথন অনলাইন টি মাকেৰ্টিং বিপনী, যিয়ে দেশ-বিদেশৰ বিভিন্ন স্থানলৈ উৎকৃষ্ট মানদণ্ডৰ চাহ যোগান ধৰে।

আসাম কোম্পানী ইণ্ডিয়া লিমিটেড জানিবলৈ দিয়ামতে সৰ্বাধিক মূল্যত বিক্ৰী হোৱা মাইজান গোল্ড টি কেৱল মাত্ৰ ২ কিলোগ্ৰামহে উৎপাদন কৰা হৈছিল। এই চাহ নিলামৰ ক্ৰয় প্ৰক্ৰিয়াত শেষৰ পৰ্যায়ত উপনীত হোৱা আন এটা প্ৰতিষ্ঠাম হ'ল আৰিহন্ত টি কোম্পানী। এই প্ৰতিষ্ঠানটোৱে মাইজান চাহ প্ৰতি কিলোত ৭০,১০০ টকা আদায় দিবলৈ সাজু আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in