২০২০-২১ বৰ্ষত দেশৰ জিডিপি হ’ব ৬-৬.৫ শতাংশ, বাজেট অধিৱেশনত দাখিল অৰ্থনৈতিক পিয়ল…

২০২০-২১ বৰ্ষত দেশৰ জিডিপি হ’ব ৬-৬.৫ শতাংশ, বাজেট অধিৱেশনত দাখিল অৰ্থনৈতিক পিয়ল…

author-image
asomiyapratidin
New Update
২০২০-২১ বৰ্ষত দেশৰ জিডিপি হ’ব ৬-৬.৫ শতাংশ, বাজেট অধিৱেশনত দাখিল অৰ্থনৈতিক পিয়ল…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশন। শুকুৰবাৰে বাজেট অধিৱেশনত ২০২০-২১ বৰ্ষৰ অৰ্থনৈতিক পিয়ল দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদত দাখিল কৰা অৰ্থনৈতিক পিয়লত ক্ৰমাৎ নিম্নগামী হোৱা দেশৰ অৰ্থব্যৱস্থা আগন্তুক বিত্তীয় বৰ্ষত ৬-৬.৫ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আনহাতে চলিত বিত্তীয় বৰ্ষত দেশৰ জিডিপি ৫ শতাংশ বৃদ্ধি হ'ব বুলি জনাই বিত্তমন্ত্ৰীগৰাকীয়ে।

Advertisment

প্ৰণিধানযোগ্য যে, মোডী চৰকাৰৰ কাৰ্যকালত অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ক্ৰমে নিম্নগামী হৈ ৪.৫ শতাংশলৈ হ্ৰাস পাইছে। এনে পৰিপ্ৰেক্ষিতত জিডিপি ৫ শতাংশলৈ বৃদ্ধি হলেও দেশৰ অৰ্থনৈতিক ব্যৱস্থাত ভৱিষ্যতে যে, ইয়েই সমস্যাৰ সৃষ্টি কৰিব সেই সন্দৰ্ভতো আশংকা ব্যক্ত কৰিছে অৰ্থনৈতিক বিশেষজ্ঞ সকলে।

ইফালে অৰ্থনৈতিক বৃদ্ধিৰ হাৰ কিদৰে উৰ্ধমুখী হ'ব সেই সন্দৰ্ভতো মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে। সংসদত বিত্তমন্ত্ৰীয়ে অৰ্থনৈতিক পিয়ল দাখিলৰ পিছত এক সংবাদমেল সম্বোধন কৰি সম্পদ সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ পোষকতা কৰে মুখ্য অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে।

তেওঁ কয়, 'সম্পদ সৃষ্টিয়ে সকলোৰে যে উপকাৰ সাধন কৰিছে সেয়া ইতিমধ্যে জানিব পৰা গৈছে। সেয়েহে অৰ্থনৈতিক বৃদ্ধিৰ হাৰ উৰ্ধমুখী কৰিবলৈ সম্পদ সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন।' আনহাতে বজাৰ আৰু অৰ্থনীতিৰ সমৃদ্ধিশালী কৰি সম্পদ সৃষ্টিত অধিক গুৰুত্ব প্ৰদানৰ ১০টা উপায়ৰ কথাও উল্লেখ কৰা হয় অৰ্থনৈতিক পিয়লত।

অৰ্থনৈতিক পিয়লত এই কথাও উল্লেখ কৰা হয় যে, ২০১৯ চনৰ এপ্ৰিল মাহত মূদ্ৰাস্ফিটীৰ হাৰ ৩.২ শতাংশৰ পৰা ডিচেম্বৰত এই হাৰ ২.৬ শতাংশলৈ হ্ৰাস পাইছে। সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক উন্নয়নত পৰা বাধাৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতিতো যে পৰিছে সেই কথাও স্বীকাৰ কৰা হৈছে অৰ্থনৈতিক পিয়লত। উল্লেখ্য যে, এই অৰ্থনৈতিক পিয়লৰ জৰিয়তে দেশৰ অৰ্থনৈতিক অৱস্থাৰ সম্পূৰ্ণ বিৱৰণ সংসদত উপস্থাপন কৰা হয়।